Daily Time Axom

মাজ আকাশৰ কফিন!!! ভাৰতৰ কোন কোন গুৰুত্বপূৰ্ণ ব্যক্তিযে অতীতত হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল?

0 11

বুধবাৰে ভাৰতৰ ৩ টা সুৰক্ষা বাহিনীৰ সৰ্বোচ্চ বিষয়া চীফ্ অফ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হয়। তেওঁৰ লগতে তেওঁৰ পত্নী আৰু ভাৰতীয় সেনা বিষয়া আৰু ১১ জন বায়ুসেনা কৰ্মচাৰী আছিল।

যেন আকাশতে মহাকালে জিভা মেলি ৰৈ আছিল তেঁওলোকৰ অপমৃত্যুৰ বাবে ৷ এয়াই এনে প্ৰথম অনাকাংখিত ঘটনা নহয় ৷ ভাৰতৰ আকাশত ইয়াৰ পূৰ্বেও বহুবাৰ বহু হেলিকপ্তাৰ মুহূ্ৰ্ত্বতে পৰিণত হৈছিল জীৱন্ত কফিনলৈ ৷
অতীততো ভাৰতত হেলিকপ্টাৰ দুৰ্ঘটনাত কেইবাজনো ভিভিআইপিৰ মৃত্যু হৈছে ।

○১৯৯৩ চনত ভূটানত এখন হেলিকপ্টাৰ দূৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল জামিল মেহমুদৰ মৃত্যু হয়।

○অৰুণাচল প্ৰদেশৰ তদানীন্তন শিক্ষা মন্ত্ৰী ডেৰা নাটুঙৰ ২০০১ চনত এখন হেলিকপ্টাৰ খহি পৰাৰ ফলত মৃত্যু হয়।

○২০০২ চনত, লোকসভাৰ তদানীন্তন অধ্যক্ষ আৰু তেলেগু দেশম নেতা জি.এম.চি বালাযোগীৰ হেলিকপ্টাৰ দূৰ্ঘটনাত মৃত্যু হয়।

○২০০৪ চনত মেঘালয়ৰ মন্ত্ৰী চাইপ্ৰিয়ান চাংমাকে ধৰি ১০ জন লোকৰ মৃত্যু হৈছিল হেলিকপ্টাৰ দূৰ্ঘটনাত।

○হাৰিয়ানাৰ মন্ত্ৰী আৰু কংগ্ৰেছ নেতা অ’ পি জিন্দলৰ ২০০৫ চনত মৃত্যু হৈছিল।

○ছেপ্টেম্বৰ ২, ২০০৯ । অবিভক্ত অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু কংগ্ৰেছৰ হেভিৱেট ৱাইএছআৰ ৰাজশেখৰ ৰেড্ডীয়ে প্ৰাণ হেৰুৱাইছিল। বেল ৪৩০ চিৰিজৰ হেলিকপ্টাৰ অন্ধ্ৰ-ৰয়ালসীমাৰ মাজভাগত নাল্লামালাৰ অৰণ্যত দুৰ্ঘটনাগ্ৰস্ত হৈছিল ৷

○ এপ্ৰিল ৩০ , ২০১১ত অৰুণাচল প্ৰদেশৰ তদানীন্তন মুখ্যমন্ত্ৰী আৰু হেভিৱেট কংগ্ৰেছ নেতা দৰ্জী খাণ্ডু টাৱাঙৰ পৰা ইটানগৰলৈ যাওঁতে দুৰ্ঘটনাত পতিত হৈছিল। কিন্তু হেলিকপ্টাৰৰ কোনো সন্ধান নাছিল। তাৰ পিছত, ৪ মে’ত সেনাৰ এক কোম্বিং অপাৰেচন, এছএছবিয়ে অৰুণাচলৰ পশ্চিম কামেং জিলাত দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন উদ্ধাৰ কৰে। মুখ্যমন্ত্ৰী দৰ্জী খাণ্ডুক কেন্দ্ৰীয় চৰকাৰে ৫ মে’ত মৃত ঘোষণা কৰিছিল।

কেইবা হাজাৰ মিটাৰ ওখ হওঁক বা নিদ্ৰাহীন ৰাতিৰ চাৰ্জিকেল ষ্ট্ৰাইকৰ বাবে অভিজাত বাহিনীক সীমান্তৰ ওচৰলৈ লৈ যোৱা এই বিশেষ বায়ু সেনাৰ হেলিকপ্টাৰখন সকলো প্ৰতিকূলতাৰ পিছতো উৰা মাৰিবলৈ সক্ষম আছিল।
দেশৰ ভিভিআইপিয়ে এই হেলিকপ্টাৰতে ভ্ৰমণ কৰিছিল। গতিকে বিভিন্ন মহলত প্ৰশ্নটো হ’ল, এই দূৰ্ঘটনাটো কেনেকৈ ঘটিল? এইটো এটা দুৰ্ঘটনা নে অন্য কিবাহে তাৰো আশংকা আছে? অত্যাধুনিক হেলিকপ্টাৰ দুৰ্ঘটনাৰ প্ৰকৃত কাৰণটো অৱশ্যে সোনকালেই জানিব পৰা যাব।

Leave A Reply

Your email address will not be published.