Daily Time Axom

অসমত মাৰাডোনাৰ ঘঁড়ী চোৰ গ্ৰেপ্তাৰ

0 51

অসম আৰক্ষীয়ে এটা ঐতিহ্যবাহী বিলাসী ঘঁড়ী উদ্ধাৰ কৰিছে ৷ ঘঁড়ীটো আছিল ফুটবলৰ কিংবদন্তী প্ৰয়াত ডিয়েগো মাৰাডোনাৰ ৷ অসম আৰক্ষীয়ে ডুবাই আৰক্ষীৰ সহায়ত ঘঁড়ীটো উদ্ধাৰ কৰিছে বুলি টুইট কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ৱাজিদ হুছেইন নামৰ লোকজন এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অসম আৰক্ষীয়ে হুবলট ঘঁড়ীটো উদ্ধাৰ কৰিবলৈ ভাৰতীয় ফেডাৰেল আইন প্ৰৱৰ্তনকাৰী সংস্থাৰ জৰিয়তে ডুবাই আৰক্ষীৰ সৈতে সমন্বয় সাধিছিল। তেওঁক অসমৰ চৰাইদেউৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।

হিমন্ত বিশ্ব শৰ্মাই এটা টুইটযোগে কয়, “আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ এক কাৰ্যত @assampolice ভাৰতীয় ফেডাৰেল এলইএৰ জৰিয়তে কিংবদন্তি ফুটবলাৰ লেট ডিয়েগো মাৰাডোনাৰ এটা ঐতিহ্য@Hublot ঘঁড়ী উদ্ধাৰৰ বাবে @dubaipoliceHQ সৈতে সহযোগিতা আগবঢ়াইছে আৰু ৱাজিদ হুছেইন নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে। আইনী পদক্ষেপ গ্ৰহণ কৰা হৈছে।”

Leave A Reply

Your email address will not be published.