Daily Time Axom

প্ৰেমিকক বিয়া কৰাবলৈ দলবদ্ধ ধৰ্ষণৰ মিছা কাহিনী কিয় তৈয়াৰ কৰিলে যুৱতীয়ে ? ৬ ঘন্টা ধৰি ব্যস্ত হ’ল ১০০০ আৰক্ষী ৷

0 17

এজনী ছোৱালীয়ে সোমবাৰে নিশা প্ৰায় ১১ বজাত মহাৰাষ্ট্ৰৰ নাগপুৰৰ কালামনা আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰিছিল। তাৰ পিছতে ১,০০০তকৈও অধিক সুৰক্ষা বাহিনীৰ জোৱানে ঘটনাটোৰ তদন্ত কৰিবলৈ পথাৰলৈ গৈছিল। লগত নাগপুৰৰ আৰক্ষী আয়ুক্ত অমিতেশ কুমাৰ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলো আছিল। তেওঁলোকে চহৰখনৰ ২৫০ তকৈও অধিক চিচিটিভি ফুটেজ পৰীক্ষা কৰে যদিও কোনো সত্যতা নাপালে।

অৱশেষত সিদ্ধান্ত লয় যে যুৱতীগৰাকীৰ সৈতে এনেকুৱা কোনো ঘটনা হোৱা নাছিল। পিছতহে আৰক্ষীয়ে উৰহী গছৰ ওৰ উলিয়ালে ৷ ছোৱালীজনীয়ে দলবদ্ধ ধৰ্ষণৰ মিছা কাহিনী তৈয়াৰ কৰিছিল। যুৱতীগৰাকীয়ে পিছত আৰক্ষীৰ জেৰাত তেওঁৰ অভিযোগ প্ৰত্যাহাৰ কৰিছিল আৰু মিছা মতাৰ কথা স্বীকাৰ কৰিছিল। তেওঁ লগতে কয় যে তেওঁ তেওঁৰ প্ৰেমিকক বিয়া কৰাৰ পৰিকল্পনা কৰিহে এনে কৰিছিল।
নাগপুৰ আৰক্ষীৰ এজন বিষয়াই কয় যে আৰক্ষী আয়ুক্ত অমিতেশ কুমাৰে ঘটনাটোৰ তদন্ত কৰিবলৈ ৪০ টা বিশেষ দলক নিৰ্দেশ দিছিল। যাৰ ভিতৰত এহাজাৰৰো অধিক নিৰাপত্তা বাহিনীৰ সদস্য আছিল। তেওঁলোকে গোটেই চহৰখনত চিচিটিভি ফুটেজ আৰু ভান পৰীক্ষা কৰিছিল আৰু ৫০ জনতকৈও অধিক লোকক প্ৰশ্ন কৰিছিল। কিন্তু যুৱতীগৰাকীয়ে দিয়া বৰ্ণনাৰ সৈতে ক’তো কোনো প্ৰমাণ লাভ কৰা নাছিল। তদন্তটো একেৰাহে ছয় ঘণ্টা ধৰি চলিছিল।

Leave A Reply

Your email address will not be published.