Daily Time Axom

৬৬ জন আই এছ উগ্ৰপন্থী ভাৰতীয় মূলৰ : আমেৰিকাৰ প্ৰতিবেদন

0 14

আমেৰিকাই এক প্ৰতিবেদনত দাবী কৰিছে যে আইএছত কমেও ৬৬ জন ভাৰতীয় বংশোদ্ভূত উগ্ৰপন্থী পোৱা গৈছে।

আমেৰিকান ষ্টেট ডিপাৰ্টমেণ্টে ‘২০২০ কাণ্ট্ৰী ৰিপ’ৰ্টছ অন টেৰৰিজম’ শীৰ্ষক এক প্ৰতিবেদনত এইকথা কোৱা হৈছিল । অৱশ্যে, আমেৰিকাই আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক সন্ত্ৰাসবাদী কাৰ্যকলাপ একে সময়তে চিনাক্ত আৰু ব্যাহত কৰাৰ বাবে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ)কে ধৰি ভাৰতৰ সকলো সন্ত্ৰাসবাদ বিৰোধী সংস্থাৰ সক্ৰিয় ভূমিকাকো প্ৰশংসা কৰিছে । আনহাতে, প্ৰতিবেদনখনে আকৌ এবাৰ সন্ত্ৰাসবাদ নিয়ন্ত্ৰণত পাকিস্তানৰ ব্যৰ্থতাৰ কথা উল্লেখ কৰিছে।

বাতৰি অনুসৰি, নৱেম্বৰ লৈকে, ৬৬ জন আই এছ উগ্ৰপন্থীক ভাৰতীয় মূলৰ বুলি চিনাক্ত কৰা হৈছে। প্ৰতিবেদনখনত লগতে উল্লেখ কৰা হৈছে যে ২০২০ চনত কোনো বিদেশী সন্ত্ৰাসবাদীক (এফটিএফ)ক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা হোৱা নাছিল।

Leave A Reply

Your email address will not be published.