Daily Time Axom

গড়চুকত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

0 7

অসমত ড্ৰাগছ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভযান চলি থাকিলেও পাবু হোৱা নাই ড্ৰাগছ সৰবৰাহকাৰী ৷ গড়চুক আৰক্ষীয়ে মঙলবাৰে গুৱাহাটীৰ আন্তঃৰাজ্যিক বাছ টাৰ্মিনাস (আইএছবিটি)ত চলোৱা এক অভিযানত এজন লোকক আটক কৰে আৰু তেওঁৰ পৰা নিচাজাতীয় টেবলেট জব্দ কৰে।

আৰক্ষীৰ সূত্ৰমতে মতে আৰক্ষীয়ে যোৱা নিশা অসমৰ দক্ষিণ শালমাৰা-মানকাচাৰ জিলাৰ মানকাছাৰ অভিমুখী এখন নিশাৰ ছুপাৰ বাছত তালাচী চলাইছিল।

ইফালে, গোচৰটোৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক মনচুৰ আলী বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে তেওঁৰ পৰা ৭২০০ টা নিচাযুক্ত চাম্পএফএক্স+ টেবলেট উদ্ধাৰ কৰিছে।

তেওঁৰ বিৰুদ্ধে গুৱাহাটীৰ ধীৰেনপাৰাৰ পৰা মানকাচাৰলৈ টেবলেটৰ ভাণ্ডাৰ চোৰাং কৈ অনাৰ অভিযোগ উত্থাপিত হৈছে। জব্দ কৰা নিচাজাতীয় টেবলেটবোৰৰ বজাৰ মূল্য ৫ লাখৰ ওপৰত বুলি ধাৰণা কৰা হৈছে।

Leave A Reply

Your email address will not be published.