থিয় হৈ পানী খোৱাটো এটা বেয়া অভ্যাস ৷ ইয়াৰ ফলত কি ক্ষতি হয় জানেনে ?
পিয়াহ লাগিলেই আমি বিভিন্ন ভঙ্গীত পানী খাওঁ। থিয় হৈ, বহি শুই, যিকোনহ অৱস্থাতে । কিন্তু আপুনি স্বাভাৱিক ভাবে পানী খোৱাহে উচিত। বিশেষকৈ, স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে থিয় হৈ পানী খোৱাটো সম্পূৰ্ণৰূপে অনুচিত।
ইয়াৰ ফলত কি ক্ষতি হয় জানেনে ?
থিয় হৈ খোৱা পানীয়ে শৰীৰৰ বাবে বিভিন্ন বিপদ কঢ়িয়াই আনে। ফলস্বৰূপে, বৃক্ক আৰু মূত্ৰনলীত প্ৰায়ে বিষাক্ত পদাৰ্থ জমা হয়। যাৰ ফলত শৰীৰত অবাঞ্ছিত বিপদ হয়।
শৰীৰক শুষ্কতাৰ পৰা সুৰক্ষিত কৰিবলৈ খোৱা পানীৰ কোনো বিকল্প নাই। পানীয়ে শৰীৰৰ আৱৰ্জনা বা দূষিত পদাৰ্থবোৰ উলিয়াই দিয়ে। কোষবোৰক পুষ্টি প্ৰদান কৰে, অক্সিজেন প্ৰদান কৰে। শৰীৰৰ উষ্ণতা স্বাভাৱিক ৰাখে। মগজুৰ কাৰ্য সম্পাদনত পানীৰ এক বৃহৎ উপকাৰিতা আছে।
আয়ুৰ্বেদেও কয় যে থিয় হৈ খোৱা পানীয়ে আমাৰ পাচন নলীৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়।
তেন্তে কেনেকৈ পান কৰিব লাগে পানী ?
কেতিয়াও নিৰন্তৰ ভাৱে গিলাছে গিলাচে পানী নাখাব। এইটোৱে খাদ্য হজম কৰাত কঠিন কৰি তোলে। গতিকে লাহে লাহে কম কমকৈ পানী খাব লাগে।
