হিমাচল প্ৰদেশলৈ প্ৰধানমন্ত্ৰী মোডীৰ বিশেষ উপহাৰ
হিমাচল প্ৰদেশত বিজেপি চৰকাৰৰ ৪ বছৰ পুৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে ৰাজ্যখনৰ মন্দীত অনুষ্ঠিত এক জনসভাত অংশগ্ৰহণ কৰে । মন্দীত ১১ হেজাৰ কোটি টকাৰ বিভিন্ন আচঁনিৰো আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে । মন্দীত ২৮ হেজাৰ ১৯৭ কোটি টকাৰ ২৮৭ টা বিনিয়োগ আচঁনিৰো শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰীয়ে ।
হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰৰ গৃহ সমষ্টি মন্দীত অনুষ্ঠিত জনসভাৰ পুৰ্বে ৰাজ্যৰ বিভিন্ন বিভাগৰ কামৰ অগ্ৰগতি সন্ধৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ সৈতে আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী গৰাকী ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেবা দশক জুৰি স্থৱিৰ হৈ থকা ৰেণুকাজী বান্ধ আচঁনিৰো আধাৰশিলা স্থাপন কৰে । প্ৰধানমন্ত্ৰীয়ে ২১০ মেগাৱাটৰ জলবিদ্যুৎ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে ।