Daily Time Axom

কাৰ গাল বেছি মিহি? অভিনেত্ৰী কংগনা ৰানাৱটৰ নে হেমামালিনীৰ ? কাৰ ৰাজনৈতিক চুপতি?

0 13

হেমা মালিনীৰ পিছত নিৰ্বাচইী প্ৰচাৰত চৰ্চা এইবাৰ বিতৰ্কিত অভিনেত্ৰী কংগনা ৰাণাৱত। বলীউডৰ আন এগৰাকী অভিনেত্ৰীৰ গাল এখন খহটা নে মসৃণ সেয়া ৰাস্তাৰ উপমাৰ লগত তুলনা কৰিছিল! ঝাৰখণ্ডৰ জামধাৰাৰ কংগ্ৰেছৰ বিধায়ক ইৰফান আনছাৰীৰ বিতৰ্কিত মন্তব্যই ইতিমধ্যে ৰাজনৈতিক মহলত বিতৰ্কৰ সৃষ্টি কৰিছে।
পেছাত এজন চিকিৎসক ইৰফানে শেহতীয়াকৈ সংবাদ মাধ্যমৰ আগত কয়, “জামদাখাত ১৪ টা বিশ্বমানৰ পথ নিৰ্মাণ শীঘ্ৰেই আৰম্ভ হ’ব। মই আশ্বাস দিছো যে চলচ্চিত্ৰ অভিনেত্ৰী কংগনা ৰাণাৱটৰ গালতকৈও ৰাস্তাবোৰ মসৃণ হ’ব। তেওঁৰ মন্তব্যৰ ভিডিঅ’ পোহৰলৈ অহাৰ লগে লগে বিতৰ্কৰ সৃষ্টি হৈছে। বিৰোধী বিজেপিয়ে অভিযোগ কৰিছে যে কংগ্ৰেছ বিধায়কজনে মহিলাৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছে।

ইৰফানে অলপতে কয় যে কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ দীৰ্ঘ সময় ধৰি মুখা পিন্ধাটো শৰীৰৰ বাবে ক্ষতিকাৰক। তেওঁ লগতে দাবী কৰিছে যে দীৰ্ঘদিন ধৰি মাস্ক পিন্ধিলে শৰীৰত অধিক কাৰ্বন ডাই অক্সাইড হোৱাৰ সম্ভাৱনা আছে। ইৰফানৰ এই মন্তব্যইয়ো বিতৰ্কৰ সৃষ্টি কৰিছে।

Leave A Reply

Your email address will not be published.