Daily Time Axom

১০ মে’, ২০২৩-ৰ ভিতৰত ‘জনতা ভৱন‘ হ’ব সম্পূৰ্ণ ই-অফিচ; মুখ্যমন্ত্ৰীৰ ঘোষণা

0 15

ৰাজ্যৰ কাৰ্যালয়ত পুৰণি ফাইল নিষ্পত্তিৰ বাবে উদ্যোগ লৈছে অসম চৰকাৰে ৷ সকলো পুৰণি ফাইল নিষ্পত্তি কৰাৰ ক্ষেত্ৰত এক বিশিষ পদক্ষেপ গ্ৰহণ কৰি অসম চৰকাৰে ১ ফেব্ৰুৱাৰীৰ পৰা ‘সদ্ভাৱনা প্ৰকল্প’ কাৰ্যকৰী কৰিব। এই সন্দৰ্ভত সোমবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত জনতা ভৱনৰ বিষয়া-কৰ্মচাৰীসকলৰ সৈতে এক মত-বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।

এই মত-বিনিময় কাৰ্যসূচীত মুখ্য মন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। সেই অনুসৰি-
১০ মে’, ২০২২-ৰ ভিতৰত সকলো পুৰণি ফাইল (অৰ্থাৎ মে’ ২০২১-ৰ আগৰ) নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত নিষ্পত্তি কৰাৰ এই প্ৰচেষ্টাই নাগৰিকসকলক সকাহ প্ৰদান কৰিব। এই প্ৰচেষ্টা নাগৰিকসকলৰ সচিবালয়লৈ অহা-যোৱা হ্ৰাস কৰাৰ ক্ষেত্ৰতো সহায়ক হিচাপে বিবেচিত হ’ব।

১০ মে’, ২০২২ত সদ্ভাৱনা প্ৰকল্পৰ সফল সামৰণিৰ পাছত অসম চৰকাৰে ই-অফিচ প্ৰণালী ৰূপায়ণ আৰম্ভ কৰিব। ১০ মে’, ২০২৩-ৰ ভিতৰত ‘জনতা ভৱন‘ত ই-অফিচ প্ৰণালী সম্পূৰ্ণৰূপে ৰূপায়ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা বুলি কলাক্ষেত্ৰত ঘোষণা মুখ্যমন্ত্ৰীৰ ।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সমূহ বিষয়া-কৰ্মচাৰীক এই পৰিৱৰ্তনৰ অংশ হ’বলৈ আৰু জনসাধাৰণৰ সেৱাত সমৰ্পিত হ’বলৈ আহ্বান জনায় ।

ৰাজ্য চৰকাৰৰ এই উদ্যোগ প্ৰকৃতাৰ্থত ৰূপায়ণ হ’লে সঁচাকৈয়ে উপকৃত হ’ব জনতা ৷ তাৰ বাবে এতিয়া অপেক্ষা কৰি লাগিব কিছুদিন।

Leave A Reply

Your email address will not be published.