Daily Time Axom

ঠেঙ্গাল-কছাৰী নিৰ্বাচনী প্ৰচাৰৰ সামৰণি ৷ সৰুপথাৰত জ্যেষ্ঠ নেতা ফণীন্দ্ৰনাথ শৰ্মাৰ মাৰাথন প্ৰচাৰ ৷

0 8

অহা ২০ জানুৱাৰীত মুঠ ২২টা ঠেঙ্গাল-কছাৰী পৰিষদীয় সমষ্টিৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন ৷ মঙলবাৰে সামৰণি পৰিল এই ঠেঙ্গাল-কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ ৷ প্ৰচাৰৰ শেষৰ দিনা গোলাঘাট জিলাত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মাৰাথন প্ৰচাৰ চলালে বি জে পিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাই ৷

সৰুপথাৰৰ ১২ নং গেলাবিল ঠেঙ্গাল-কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদীয় সমষ্টিৰ নিৰ্বাচনী প্ৰাৰ্থী মিনালী হাজৰিকা শইকীয়াৰ বাবে প্ৰচাৰৰ অন্তিম দিনা প্ৰচাৰ চলালে বিজেপিৰ জ্যেষ্ঠ নেতা ফণীন্দ্ৰনাথ শৰ্মাই ৷ দিনটোত যোৰদলং, চুঙাজানৰ দ-গাওঁ আৰু নাওঁজানৰ মৰাজান অঞ্চলৰ কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বি জে পিৰ ত্ৰিপুৰা আৰু অসমৰ সাংগঠনিক সাধাৰণ সম্পাদকৰ দায়িত্বত থকা ফণীন্দ্ৰনাথ শৰ্মাই ৷

ধাৰাবাহিক উন্নয়নৰ স্বাৰ্থত বিজেপিৰ ১২ নং গেলাবিলৰ প্ৰাৰ্থী গৰাকীক বিপুল সংখ্যক ভোটৰ ব্যৱধানত বিজয়ী কৰাবলৈ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদকগৰাকীয়ে আহ্বান জনায় ৷

বিজেপি-অগপ দুয়োটা মিত্ৰ দলৰ বিষয়ববীয়া, জ্যেষ্ঠ কাৰ্য-কৰ্তা তথা ৰাইজৰ বিপুল উপস্থিতিত স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন, জ্যেষ্ঠ কাৰ্য-কৰ্তা জীৱন চুতীয়াৰ লগতে জিলা সম্পাদিকা ৰাজশ্ৰী বৰা , কিষাণ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা নিৰ্বাচন সমিতিৰ আহ্বায়ক সঞ্জীৱ কুমাৰ বৰুৱা , উৰিয়ামঘাট মণ্ডল সভানেত্ৰী নিৰদা বৰা গগৈকে ধৰি ভালে সংখ্যক দলীয় কৰ্ম-কৰ্তায়ো অন্তিম দিনৰ এই প্ৰচাৰ কাৰ্যসূচীত উলহ-মালহেৰে ভাগ লয় ৷

Leave A Reply

Your email address will not be published.