Daily Time Axom

উত্তৰ প্ৰদেশৰ ৰাজনীতিত সঘন পট-পৰিবৰ্তন ৷ এইবাৰ বিজেপিত যোগ দিলে মোলায়ম সিং যাদৱৰ বোৱাৰীয়েকে ৷

0 12

উত্তৰ প্ৰদেশত বিধান সভা নিৰ্বাচনক কেন্দ্ৰ কৰি সঘনাই সলনি হৈছে ৰাজনৈতিক পট পৰিবৰ্তন । এদিন যদি বি জে পি মন্ত্ৰীয়ে বি জে পি এৰি সমাজবাদী পাৰ্টীত যোগদান কৰিছে, তেন্তে আন দিনা মুলায়ম সিং যাদৱৰ খোদ বোৱাৰীয়েকেই দল এৰি বি জে পিত যোগ দিছে ৷ সমাজবাদী পাৰ্টীৰ মূৰব্বী নেতা তথা মুলায়ম সিং যাদৱৰ সৰু বোৱাৰীয়েক অপৰ্ণা যাদৱে বুধবাৰে বি জে পিত যোগদান কৰে ৷ এই ঘটনাই ৰাষ্ট্ৰীয় ৰাজনীতিত তোলপাৰ লগাইছে ৷

কেইদিনমান পূৰ্বে বি জে পি এৰি সমাজবাদী পাৰ্টীত যোগ দিয়া মন্ত্ৰী কেশৱপ্ৰসাদ মৌৰ্যৰ মৌজদগী সমষ্টিৰ পৰা সদস্য ভৰ্তি কৰোৱা হৈছে মোলায়মৰ সৰু বোৱাৰীয়েক অপৰ্ণাক ৷ সমাজবাদী পাৰ্টীৰ প্ৰতি অপৰ্ণাৰ মোহভংগ ঘটাৰ মূল কাৰণ পূৰ্বৰ সমষ্টিৰপৰা তেঁওৰ এইবাৰ নিৰ্বাচনৰ টিকট নিশ্চিত নোহোৱাটো বুলি কোৱা হৈছে ৷ অপৰ্ণা যাদৱ মোলায়ম সিং যাদৱৰ সৰু পুত্ৰ প্ৰতীক যাদৱৰ পত্নী ৷
বিধান সভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সমাজবাদী পাৰ্টী আৰু অখিলেশ যাদৱৰ বাবে এয়া মোক্ষম আঘাত বুলি ধাৰণা কৰা হৈছে ৷ অপৰ্ণা যাদৱে ২০১৭ৰ উত্তৰ প্ৰদেশৰ বিধান সভা নিৰ্বাচনত লক্ষ্নৌ কেন্ট আসনৰ পৰা সমাজবাদী পাৰ্টীৰ পৰা প্ৰতিদন্দ্বিতা কৰিছিল যদিও বিজেপি প্ৰাৰ্থীৰ হাতত পৰাজিত হৈছিল ৷

Leave A Reply

Your email address will not be published.