Daily Time Axom

বিধায়ক অমিয় ভূঞাৰ ধমক বনাম আৰক্ষী বিষয়া ৷ শীৰ্ষ বিষয়াক কি ক’লে আৰক্ষী বিষয়া পুষ্পকমল বৰাই?

0 10

বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞাই আৰক্ষীক ফোনযোগে ধমক দিয়া ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰা প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে ৷ এই প্ৰসংগত বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে তলৱ কৰিছিল নাৰায়ণপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পুষ্পকমল বৰাক ৷ বুধবাৰে বিধায়ক অমিয় ভূঞাৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপৰ বিতঙকৈ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানজনক জনাইছে আৰক্ষী বিষয়া পুষ্পকমল বৰাই ৷ বৰাই কয়- ”বিভাগীয় কথ‍া বিভাগীয়ভাৱে আলোচনা হৈছে, মই মোৰ প্ৰতিটো কথা শীৰ্ষ আৰক্ষী বিষয়াক জনাইছোঁ। আইনৰ মতে মই কাম কৰিছোঁ। এতিয়াও নিজৰ স্থিতিত অটল আছোঁ মই । মুখ্যমন্ত্ৰীয়ে যি পৰামৰ্শ দিছে সেই পৰামৰ্শ অনুসৰিয়ে এগৰাকী অসম আৰক্ষীৰ সেৱক হিচাপে অনাগত দিনত কাম কৰি যাম। আলোচনাৰ পিছত শীৰ্ষ আৰক্ষী বিষয়াই মোক মোৰ কাম কৰি যাব দিছে ৷ মোৰ স্থিতিত মই অটল ৷”

Leave A Reply

Your email address will not be published.