বিধায়ক পদ্ম হাজৰিকাৰ সপোনৰ বাস্তৱ নাম ‘কন্যকা’ ৷ ন-ৰূপত সজাই-পৰাই তুলিছে জামুুগুৰিহাটৰ কন্যকা কৃষি পাম ৷
জামুগুৰিহাটৰ বহুমুখী কন্যকা কৃষি পামক ন-ৰূপ দিয়াত উঠি পৰি লাগিছে চতিয়া সমষ্টিৰ বিধায়ক তথা গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই ৷ বহিঃৰাজ্যৰ পৰা অসমলৈ আমদানি হৈ থকা গাখীৰ বন্ধ কৰি অসমতে গাখীৰ উৎপাদনৰ লক্ষ্যলৈ বিভিন্ন আচঁনি প্ৰস্তুত কৰিছে বিধায়ক পদ্ম হাজৰিকাই ৷ কন্যকা কৃষি পামৰ পৰা ইতিমধ্যে বিধায়ক পদ্ম হাজৰিকাই এই যাত্ৰা আৰম্ভ কৰা পৰিলক্ষিত হৈছে ৷
বিধায়ক গৰাকীৰ একক প্ৰচেষ্টাত গঢ়লৈ উঠা কন্যকা কৃষি পামলৈ সুদুৰ হাৰিয়ানাৰ পৰা অনা হৈছে ১০০ জনী উন্নত প্ৰজাতিৰ শ্বাহীয়াল, থৰপাৰ্কাৰ, ৰাঁথী গাইৰ লগতে ৩০ টা পোৱালী ৷ শনিবাৰে বিধায়ক গৰাকীয়ে নিজে এই উন্নত প্ৰজাতিৰ গাইৰ প্ৰতিপালন কৰি নিবনুৱা যুৱক-যুৱতী সকলক উৎসাহিত কৰা দেখা গৈছে ৷ কন্যকা পৰিয়ালৰ সদস্যই জানিবলৈ দিয়ামতে ইতিমধ্যে কন্যকাত উৎপাদিত গাখীৰৰে অসমৰ বিভিন্ন প্ৰান্তত কেইবাখনো বিপনী আৰম্ভ কৰাৰ লগতে কন্যকাৰ অৰ্থনৈতিক ভেটি সবল হোৱা বুলিও মন্তব্য কৰে ৷ ইতিমধ্যে কন্যকাৰ এই যাত্ৰা শোণিতপুৰ জিলাৰ লগতে গুৱাহাটী মহানগৰতো বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ।
(জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট)
