Daily Time Axom

গৰুখুঁটিৰ উচ্ছেদিত ২০৯১ টা পৰিয়ালক চৰকাৰে দিব ২০৯১ বিঘা ভূমি

0 9

গৰুখুঁটিৰ উচ্ছেদিতৰ প্ৰতি বৃহৎ সকাহ ৷ উচ্ছেদিতৰ প্ৰতি ন্যায় দিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ ৷ উচ্ছেদিত সকলো পৰিয়ালকে পুনঃসংস্থাপন দিয়াত সন্মতি প্ৰকাশ ৰাজ্য চৰকাৰৰ ৷ উচ্ছেদিত ২০৫১টা পৰিয়ালকেই দিয়া হ’ব এবিঘাকৈ মাটি ৷

দলগাওঁ ৰাজহ চক্ৰত উচ্ছেদিত ২০৫১ টা পৰিয়ালক দিয়া হ’ব ২০৫১বিঘা মাটি ৷ অৰ্থাৎ প্ৰতিটো পৰিযালক দিয়া হ’ব এবিঘাকৈ ভূমি ৷

এই সংক্ৰান্তত সকলো প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত হোৱাৰ পথত ৷ বিভিন্ন দল-সংগঠনেৰে হোৱা বৈঠকত গৰুখুটিৰ উচ্ছিত সকলক পুনঃ সংস্থাপন কৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা সন্মতি প্ৰদান কৰা হৈছে ৷

সেই অনুসৰি প্ৰথম পৰ্যায়ত ৬৩৩ টা পৰিয়ালক সংস্থাপন দিয়া হ’ব ৷ উল্লেখযোগ্যযে, উচ্ছেদৰ পাছৰে পৰা এই ৬৩৩ টা পৰিয়ালৰ ৪২৩টা নিজ ছালমাৰ আৰু ১নং ঢলপুৰৰত ২১০ টা পৰিয়াল অস্থায়ী ভাৱে বাস কৰি আহিছে ৷

যোৱা ৩১ জানুৱাৰীত দৰং জিলা উপায়ুক্তৰ উদ্যাগত খাৰুপেটীয়া আবৰ্ত ভৱনত হৈছিল এক বৈঠক ৷ এই বৈঠকত দলগাঁৱৰ বিধায়ক, দৰঙৰ উপায়ুক্ত প্ৰণৱ শৰ্মা, আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা, AAMSUৰ প্ৰতিনিধি, সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰতিনিধি আৰু অন্যান্য বিষয়া সকল উপস্থিত আছিল ৷

Leave A Reply

Your email address will not be published.