Daily Time Axom

বিশিষ্ট সাহিত্যিক পংকজ ঠাকুৰৰ দেহাৱসান

0 8

বিদায় মাগিলে অসমৰ আন এগৰাকী সাহিত্য সাধকে।বিশিষ্ট সাহিত্যিক পংকজ ঠাকুৰ আৰু নাই ৷ অনুবাদৰ বাবে সাহিত্য অকাডেমি পুৰস্কাৰেৰে সন্মানিত বিশিষ্ট সাহিত্যিক পংকজ ঠাকুৰে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ বৃহস্পতিবাৰে পুৱা ৮ বজাত মৃত্যুক আঁকোৱালি লয়। মৃত্যুৰ সময়ত তেঁওৰ বয়স প্ৰায় ৭৪ বছৰ হৈছিল। ?দেৰগাঁৱত স্কুলীয়া শিক্ষা গ্ৰহণ কৰি কটন কলেজ, গুৱাহাটী বিশ্ববিদ্যালয় আদিত শিক্ষাগ্ৰহণ কৰা ঠাকুৰে টাটা মটৰচ লিঃ, হিন্দুস্তান মটৰচ, আই চি এম এল আদি কৰ্প’ৰেট গোষ্ঠীৰ লগতে প্ৰাম্ভিক অৱস্থাত নাগালেণ্ডৰ উখাৰ ‘মাউন্ট টি ই কলেজ’ত কিছুদিন শিক্ষকতাৰ চাকৰি কৰিছিল। চাকৰিৰ ব্যস্ততাৰ মাজতে তেওঁ সাহিত্য – নাট্য চৰ্চা অব্যাহত ৰাখিছিল।

’জীৱন যুক্তিৰ বাহিৰত’ গ্ৰন্থৰ পৰা আৰম্ভ কৰি
তেখেতে কেইবাখনো মৌলিক গ্ৰন্থৰ লগতে বিদীৰ্ণ বাঘজাই, মহানায়ক আদি কেইবাখনো বিখ্যাত গ্ৰন্থ অনুবাদ কৰিছিল। বিদীৰ্ণ বাঘজাইৰ বাবে তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তদুপৰি তেখেতে অহিৰ ভৈৰৱ কথাছবিৰো চিত্ৰনাট্য ৰচনা কৰিছিল । তেখেতৰ নিৰ্দেশনাত কেইবাখনো উচ্চমানৰ নাটক মঞ্চস্থ হৈছিল।

আজিৰ অসম, এই সময় আদি উচ্চমানৰ কেইবাখনো কাকতৰ আলোচনীৰ তেওঁ সম্পাদনা কৰিছিল ৷ আজিৰ অসম কাকতৰ মাহেকীয়া আলোচনী আৰু এই সময় আলোচনীৰ যোগেদি ভালে সংখ্যক যুৱ লেখকক বাট বুলিবলৈ উৎসাহিত কৰিছিল ৷

Leave A Reply

Your email address will not be published.