Daily Time Axom

নলবাৰীত অসম মাইক্ৰ’ফাইনেন্স উদ্গনি আৰু ৰেহাই আঁচনি’ ২০২১ৰ চেক বিতৰণ

0 4

২৩৯০ গৰাকী হিতাধিকাৰীক চেক প্ৰদান কৰা হয়।

নলবাৰী জিলাৰ ৫৯ নং নলবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত পূৱ নলবাৰী উন্নয়ন খণ্ডৰ ২ হাজাৰ ৩ শ ৯০ গৰাকী মহিলাক উদ্গনিমূলক সাহাৰ্যৰ চেক প্ৰদান কৰা হয় ৷ আজি দুপৰীয়া নলবাৰী জিলা প্ৰশাসন আৰু পূৱ নলবাৰী উন্নয়ন খণ্ডৰ সহযোগত এই উদ্দেশি পূৱ নলবাৰী উন্নয়নখণ্ডৰ প্ৰাংগনত অনুষ্ঠিত চেক বিতৰণ অনুষ্ঠানত উপস্থিত থাকি নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকাই উক্ত হিতাধিকাৰীৰ মাজত চেক বিতৰণ কৰে।সভাত পূৱ নলবাৰী উন্নয়ন খণ্ড উন্নয়ন বিষয়াকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ উল্লেখ্য যে আজিৰ অনুষ্ঠানত বন্ধন বেংক সহ প্ৰায় ১৮ টা বিভিন্ন স্মল ফাইনেন্সৰ অধীনত ঋণ লৈ নিয়মিতভাৱে কিস্তি পৰিশোধ কৰি থকা মহিলাক চেক প্ৰদান কৰা হয়‌।

Leave A Reply

Your email address will not be published.