Daily Time Axom

লাহৰিঘাটত কৃষক ৰাইজক সাৰ দোকানীৰ মাধমাৰ,নিজ ইচ্ছা অনুযায়ী সাৰৰ দাম বৃদ্ধি

0 9

মৰিগাঁও জিলাৰ লাহৰিঘাট বজাৰৰ একাংশ সাৰ দোকানীয়ে মাধমাৰ সোধাইছে কৃষক ৰাইজক । নিজ ইচ্ছা মতে প্ৰকৃত মূল্যতকৈ তিনিগুনে বৃদ্ধি কৰিলে ইউৰিয়া সাৰৰ মূল্য । সাৰ দোকানীৰ এনে নাভূত নাশ্ৰুত কাণ্ডত সাধাৰণ কৃষকে মূৰে কপালে হাত দিব লগা হৈছে। চৰাঞ্চলকে আদি কৰি প্ৰায় ২০/৩০ খন গাৱৰ কৃষক ৰাইজে ইউৰিয়া সাৰ ক্ৰয় কৰে এইখন লাহৰিঘাট বজাৰৰ পৰাই । উল্লেখ্য যে কিছুদিন ধৰি একাংশ সাৰ দোকানীয়ে নিজ খেয়াল খুচি মতে ২৬৬ টকাৰ ইউৰিয়া সাৰৰ লগত এটা ভিটামিন বাধ্যতামূলক কৰি ৮০০-১২০০ টকালৈ বৃদ্ধি কৰিছে ইউৰিয়া সাৰৰ মূল্য ।

যাৰ বাবে বহু কৃষক ৰাইজে সাৰ কিনিবলৈ আহি ঘৰলৈ উভতি যাব লগা হয় ! কৃষক ৰাইজে সাৰ দোকানীৰ এনে নাভূত নাশ্ৰুত কাণ্ডক উচিত তদন্ত কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ।

Leave A Reply

Your email address will not be published.