ব্যতিক্ৰমী ৰূপত নাগাৰা নাম পৰিৱেশনেৰে জনপ্ৰিয়তা অৰ্জন দৰং জিলাৰ নাগাৰা নামৰ বিখ্যাত যুৱশিল্পী সুভাষ নাথ
ব্যতিক্ৰমী ৰূপে নাগাৰা নাম পৰিৱেশন কৰি যুৱ-প্ৰজন্মৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰা দৰং জিলাৰ নাগাৰা নামৰ বিখ্যাত যুৱশিল্পী সুভাষ নাথে এতিয়া এটি পৰিচিত নাম। সেয়া লাগিলে সামাজিক মাধ্যমেই হওঁক,কিম্বা যুৱ-প্ৰজন্মৰ মাজতেই হওঁক। ব্যতিক্ৰমী ৰূপত নাগাৰা নাম পৰিৱেশন কৰি যুৱ- প্ৰজন্মৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে সুভাষ নাথে। উল্লেখ্য যে ক্ৰমান্বয়ে হেৰাই যাবলৈ উপক্ৰম হোৱা অসমীয়া লোক-সংস্কৃতিৰ অন্যতম অংগ লোকগীতৰো ব্যতিক্ৰমী উপস্থাপন কৰিছে যুৱ-শিল্পী সুভাষ নাথে।সমগ্ৰ অসমৰ লগতে নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত নিমন্ত্রিত হোৱা শিল্পীগৰাকীয়ে আজি বৰক্ষেত্ৰী সমষ্টিৰ চটেমাৰী গাঁৱত পৰিবেশন কৰি আছে নিজৰ নাগাৰা নাম। আমি আশা কৰিছোঁ অনাগত দিনত যুৱকসকলৰ মাজত নিজৰ স্বকীয়তাৰে নাগাৰা নামৰ জৰিয়তে অসমীয়া লোককৃষ্টিত এক নতুন জাগৰণ আনিবলৈ সক্ষম হ’ব এই শিল্পীগৰাকীয়ে।