Daily Time Axom

শিৱসাগৰৰ বিভিন্ন প্ৰান্তত বনদস্যুৰ অবৈধ খননৰ বিৰুদ্ধে বন বিষয়াৰ কাৰ্যালয় ঘেৰাও জাতীয় সংগ্ৰামী সেনা, অসমৰ

0 8

শিৱসাগৰৰ বিভিন্ন প্ৰান্তত অসাধু চক্ৰই অবৈধ ভাৱে মাটি, শিল আৰু কয়লা খনন কৰাৰ বিৰুদ্ধে শুকুৰবাৰে আবেলি পৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে জাতীয় সংগ্ৰামী সেনা, অসমে । শিৱসাগৰ জিলা বন বিষয়া কাৰ্যালয় ঘেৰাও কৰি বনদস্যুৱে চলাই থকা অবৈধ খননৰ বিৰুদ্ধে জাতীয় সংগঠনটোৱে দীৰ্ঘসময় ধৰি সাৱস্ত্য কৰে প্ৰতিবাদ ।

যাৰ বাবে চৰকাৰী বিভাগটোৱে কাৰ্যালয়ৰ গেট বন্ধ কৰি দিয়ে । শিৱসাগৰৰ ঐতিহাসিক ৰূপহী পথাৰ, পহুগড়, কালুগাওঁ, বেতবাৰী তথা নাজিৰা, গেলেকী, লক্ষ্মীজান, নামতি, শিমলুগুৰি, বিহুবৰ, লাকুৱা আৰু নেমুগুৰিটো ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত ভূমি খনন কৰি থকা বুলি প্ৰতিবাদ সাব্যস্ত কৰে জাতীয় সংগ্ৰামী সেনা, অসমে । ইপিনে বন বিষয়া কাৰ্যালয় ঘেৰাও কৰাৰ পিছত শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখতো ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে জাতীয় সংগ্ৰামী সেনা, অসমে ।


শিৱসাগৰৰ পৰা ফাৰহান লস্কৰ ৰিপৰ্ট।

Leave A Reply

Your email address will not be published.