Daily Time Axom

বিশিষ্ট ক্ৰীড়া-সাংস্কৃতিক সংগঠক নন্দ শইকীয়াৰ মৃত্যু

0 13

অসম ক্ৰীড়া সন্থা আৰু ৰাষ্ট্ৰীয় আৰ্মৰেষ্টলিং চেম্পিয়নশ্বিপৰ প্ৰাক্তন কোষাধ্যক্ষ,নবীন শৰ্মা সাতোৰ সঙ্ঘৰ প্ৰাক্তন প্ৰশিক্ষক, ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীৰ প্ৰাক্তন ক্ৰীড়া সম্পাদক,অভিনেটা তথা প্ৰখ্যাত উজান বজাৰ মাছৰ ঘাটৰ বিশিষ্ট মৎস্য ব্যৱসায়ী উজান বজাৰ নিবাসী বিশিষ্ট নাগৰিক তথা ধৰ্মপ্ৰাণ ব্যক্তি শ্ৰীযুত নন্দ শইকীয়াৰ যোৱা নিশা ১২.০০ বজাত নিজ বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত শইকীয়াৰ বয়স ৭২ বছৰ হৈছিল আৰু সহধৰ্মিণীৰ লগতে তিনিপুত্ৰ,বোৱাৰী আৰু নাতিক এৰি থৈ যায়। আজি দিনৰ ভাগত নৱগ্ৰহ শ্মশানত তেখেতৰ নশ্বৰ দেহৰ বহুলোকৰ উপস্থিতিত অন্তেষ্টিক্ৰীয়া কৰা হয়। নৱগ্ৰহলৈ নিয়াৰ আগতে শইকীয়াৰ নশ্বৰ দেহ তেখেতৰ সাংস্কৃতিক জীৱনৰ কৰ্মক্ষেত্ৰ গুৱাহাটী বিহু সন্মিলনীৰ লতাশিল খেলপথাৰলৈ নিয়া হয় আৰু বিহু সন্মিলনীৰ বিষয় ববীয়া -সদস্য সকলে মৃতদেহত মাল্যাৰ্পন কৰাৰ তেখেতৰ স্মৃতিত এখন স্মৃতি সভা অনুস্থিত কৰি স্মৃতিচাৰন কৰে।


ইফালে বিশিষ্ট ক্ৰীড়া-সাংস্কৃতিক সংগঠক শইকীয়াৰ আকস্মিক বিয়োগত অসম ক্ৰীড়া সন্থা আৰু অসম শিল্পী সন্মিলনীৰ সভাপতি আন্তৰ্জাতিক ক্ৰীড়াবিদ কৈলাশ শৰ্মা আৰু গুৱাহাটী যুৱ নাগৰিক সমিতিৰ সাধাৰণ সম্পাদক ৰাজেশ শৰ্মা,গুৱাহাটী বিহু সন্মিলনীৰ সভাপতি অশোক কুমাৰ বিষয়া আৰু সাধাৰণ সম্পাদক নিলোপম দাসে গভীৰ দুখ প্ৰকাশ কৰি তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.