Daily Time Axom

জামুগুৰিহাটত শিৱৰাত্ৰী পালনৰ বাবে জলযাত্ৰা

0 9

কাইলৈ শিৱ চতুৰ্দশী উপলক্ষে জামুগুৰিহাটত আজি মহিলা-যুৱতীৰ দ্বাৰা ডেকাসুন্দৰ নামঘৰৰ পৰা জামুগুৰি সাৰ্বজনীন শিৱ মন্দিৰলৈ ভৰলী নৈৰ পানী লৈ জলযাত্রা কৰে ৷ জামুগুৰি সাৰ্বজনীন শিৱ মন্দিৰৰ প্ৰতিষ্ঠা দিৱস আৰু শিৱৰাত্ৰীৰ লগত সংগতি ৰাখি উলিওৱা এই জলযাত্ৰাত ১৫১ গৰাকী মহিলা-যুৱতীয়ে অংশগ্ৰহণ কৰে ৷

১৯৮৬ চনতে স্থাপিত জামুগুৰি সাৰ্বজনীন শিৱ মন্দিৰৰ শিৱলিংগ এই জলৰে স্নান কৰাই বস্ত্ৰ পৰিধান কৰাই কাইলৈ বহুকেইটা কাৰ্যসুচীৰে শিৱৰাত্ৰী পালন কৰা হ’ব এই শিৱ মন্দিৰত৷উল্লেখ্য যে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৰে উপাসনাৰ মূল কেন্দ্র হিচাপে প্ৰতিষ্ঠা লাভ কৰা তথা ভক্তৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি বিগত বৰ্ষত মন্দিৰভাগ পুণৰ নিৰ্মাণ কৰি পুণ:প্ৰতিষ্ঠা কৰা হৈছিল৷


জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট৷

Leave A Reply

Your email address will not be published.