Daily Time Axom

পুটিনে আন্তৰ্জাতিক চাপত আলোচনা পুনৰ আৰম্ভ কৰিছে, বোমাবর্ষণ অব্যাহত

0 10

ৰাছিয়া আৰু ইউক্ৰেইন পুনৰ মিলিত হ’ব বুধবাৰে।

বেলাৰুছৰ সীমান্তত সোমবাৰৰ বৈঠকত কোনো সমাধান পোৱা নাছিল। ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্রি পেচকভে কয় যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক বৈঠকৰ বিষয়ে অৱগত কৰা হৈছিল। সভাৰ বিষয়বস্তু পুনৰীক্ষণ কৰা হৈছে। কিন্তু এতিয়া ইয়াৰ বিষয়ে সিদ্ধান্ত লোৱাৰ সময় নহয়।


কূটনৈতিক পৰ্যবেক্ষকসকলৰ মতে, তীব্ৰ আন্তঃৰাষ্ট্ৰীয় চাপৰ সন্মুখীন হৈ পুটিনে আলোচনাৰ মেজলৈ আহিবলৈ বাৰ্তা প্ৰেৰণ কৰিছে, কিন্তু তেওঁ সামৰিক আক্ৰমণ হ্ৰাস হোৱাৰ কোনো লক্ষণ দেখুওৱা নাই। ৰাছিয়াৰ বিৰুদ্ধে ভেকুৱাম বোমা, ক্লাষ্টাৰ বোমাৰ দৰে গণধ্বংসকাৰী অস্ত্ৰ ব্যৱহাৰ কৰা আৰু ইউক্ৰেইনৰ অসামৰিক লোকক মিছাইল লক্ষ্য কৰি লোৱাৰ অভিযোগো অব্যাহত আছে।

Leave A Reply

Your email address will not be published.