Daily Time Axom

মহাকাশৰ পৰা স্পষ্টকৈ দেখা পোৱা পৃথিৱীৰ ৭ টা স্থান

0 22

আকাশ-মহাকাশক লৈ পৃথিৱীবাসীৰ জল্পনা-কল্পনা আজিৰ নহয় ৷ কিন্তু বিজ্ঞানৰ অগ্ৰগতিয়ে মহাকাশৰো ৰহস্য বহু পৰিমাণে কমাই আনিছে ৷ কোনোবা জকাইচুকত বহিয়েই এতিয়া ছেটেলাইটৰ জড়িয়তে মহাকাশৰ পৰা পৃথিৱীৰ বুকুৰ ভিন্ন ৰূপ প্ৰত্যক্ষ কৰিব পাৰি ৷ জানিলে হয়তো আপোনাৰো ভাল লাগিব যে, পৃথিৱীৰ বুকুৰ কেইটামান স্থান মহাকাশৰ বুকুৰ পৰাও স্পষ্ট ৰূপত দেখা পোৱা যায় ৷

মহাকাশ কেন্দ্ৰপৰা তোলা ছবিত স্পষ্টভাৱে ধৰিব পাৰি পৃথিৱীৰ কেইটামান বিশেষ স্থান ৷ কি কি ঠাই সেয়া জানো আহক –

১/ মিছৰৰ পিৰামিড:-
পৃথিৱীৰ অতি আচৰিত বস্তুবোৰৰ অন্যতম হ’ল ইজিপ্তৰ পিৰামিড ৷ এই পিৰামিড দেখা যায় মহাকাশৰ বুকুৰ পৰা ৷ আজিৰপৰা প্ৰায় ৪৫০০ বছৰৰ পূৰ্বে প্ৰাচীন মিছৰবাসীয়ে নিৰ্মাণ কৰা এই আচৰিত সৃষ্টিৰাজী দেখা যায় মহাকাশৰ বুকুৰ পৰা ৷ নাছাৰ মহাকাশচাৰীয়ে ২০০১ চনত প্ৰথম মহাকাশৰ পৰা পিৰামিডৰ ফটো তুলিছিল ৷

২/ হিমালয় পৰ্বতমালা:-
পৃথিৱীৰ অহংকাৰ বুলি কোৱা হয় হিমালয় পৰ্বতমালাক ৷ প্ৰায় ২০০০ ফুট উচ্চতাৰ ১০০ টাৰো অধিক শৃংগ আৰু ২৬০০০ ফুটৰ ১৪ টাৰো অধিক শৃংগৰে পৃথিৱীক ধুনীয়া কৰি ৰাখে হিমালয় পৰ্বতে ৷ পৃথিৱীৰ সৰহ সংখ্যক মানুহেই এই সৌন্দৰ্যৰ পৰা বঞ্চিত হৈ আহিছিল ৷ এতিয়া সেয়া সুলভ কৰি তুলিলে মহাকাশ বিজ্ঞানে ৷ মহাকাশৰ পৰা তোলা হিমালয়ৰ সৌন্দৰ্য অতি মনোমুগ্ধকৰ ৷

৩/ আমেৰিকাৰ গ্ৰেণ্ড কেনিয়ন :-
আমেৰিকিৰ এৰিজ’না প্ৰদেশত অৱস্থিত গ্ৰেণ্ড কেনিয়ন; দৈত্যকায় গিৰিখাত ৷ এই গিৰি কন্দৰৰ দৈৰ্ঘ প্ৰায় ৪৫০ কিলোমিটাৰ ৷ কলৰাডো নদীৰ এই গিৰিখাদহপৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ প্ৰাকৃতিক আশ্চৰ্য ৷ মহাকাশৰ পৰা এই বিশাল গিকিখাদটো এখন সৰু নদীৰ নিচিনা দেখা যায় ৷

৪/আমাজান নদী:-
নীল নদীৰ পিছতে আমাজান পৃথিৱীৰ আটাইতকৈ বৃহৎ নদী ৷ দৈৰ্ঘৰ দিশৰ পৰাও আমাজান পৃথিৱীৰ আটাইতকৈ দীঘল নদী ৷ দক্ষিণ আমেৰিকাৰ ৯খন দেশৰ মাজেৰে প্ৰায় ৬৪০০ কিঃমিঃ জুৰি বৈ যোৱা আমাজান নদী মহাকাশৰ পৰা দেখা পোৱা যায় ৷

৫/গ্ৰেট বেৰিয়াৰ ৰিফ:-
অষ্ট্ৰেলিয়াৰ এক বিশাল প্ৰবাল প্ৰাচীৰ এয়া ৷ বিশ্বৰ সাতটা শ্ৰেষ্ঠ প্ৰাকৃতিক আশ্চৰ্যৰ ভিতৰত এই প্ৰবাল প্ৰাচীৰো দেখা যায় মহাকাশৰ পৰা ৷ ২৬০০ কিলোমিটাৰৰো বেছি এলেকা প্ৰসাৰিত হৈ থকা এই গ্ৰেট বেৰিয়াৰ ৰিফ ২৫০০ পৃথক পৃথক প্ৰাচীৰ আৰু ৯০০ ৰো অধিক দ্বীপ লৈ গঠিত ৷ এই গ্ৰেট বেৰিয়াৰ ৰিফ আৰু ছাইকেডেলিক বৰ্ণিল সমাহাৰ মহাকাশৰ পৰা বিচিত্ৰ ৰূপত দেখা যায় ।

৬/ ডুবাইৰ পাম আইলেণ্ড:-
মানুহৰ উচ্ছাভিলাসী বিশ্বৰ শ্ৰেষ্ঠ প্ৰকল্পবোৰৰ ভিতৰত অন্যতম হ’ল ডুবাইৰ পাম আইলেণ্ড দ্বীপমালা ৷ সংযুক্ত আৰৱ আমিৰ শ্বাহীৰ উপকূলত অৱস্থিত এই পাম আইলেণ্ড ৷ এই দ্বীপ সমূহৰ ভিতৰত বিশ্বৰ বৃহৎ কৃত্ৰিমভাৱে নিৰ্মিত দ্বীপ জুমেইৰাহ মহাকাশৰ পৰা দেখা পোৱা যায় ৷

ডুবাইৰ পাম আইলেণ্ড

৭/ আঙ্কোৰ ভাট:-
দ্বাদশ শতিকাতে নিৰ্মিত এটি মন্দিৰ হ’ল আঙ্কোৰ ভাট ৷ উত্তৰ-পশ্চিম কম্বোডিয়াত অৱস্থিত এই বৃহৎ মন্দিৰটো ৷ ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ ছটইটত এই মন্দিৰটো পৃথিৱীৰ সৰ্ববৃহৎ ধৰ্মীয় স্থাপত্য বুলি বিখ্যাত ৷ হিন্দু আৰু বৌদ্ধ ধৰ্মৰ মিলনস্থলী ৷ মহাকাশৰ পৰা এই মন্দিৰটোও স্পষ্ট ৰূপত দেখা যায় ৷

Leave A Reply

Your email address will not be published.