Daily Time Axom

বৰপেটাত মন্ত্ৰী ৰণজিৎ দাসৰ উন্নয়নী কাম-কাজৰ পৰ্যালোচনা

0 9

বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি জিলাখনৰ বিভিন্ন বিভাগৰ উন্নয়নী কাম-কাজৰ পৰ্যালোচনা কৰে। ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী তথা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী গৰাকীয়ে আজি আবেলি বৰপেটাত আহি উপস্থিত হৈ পোনে পোনে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত সকলো বিভাগীয় বিষয়া সকলৰ সৈতে আলোচনাত মিলিত হয়। তেওঁ প্ৰতিটো বিভাগৰ আঁচনি সমূহৰ অগ্ৰগতিৰ খতিয়ান লৈ বিষয়া সকলক বিভিন্ন পৰামৰ্শ‌ও প্ৰদান কৰে। দাসে নুন্যতম সমৰ্থন মূল্যত ধান আহৰণৰ বাবে জিলা কৃষি বিষয়াক ব্যাপক সজাগতা মূলক প্ৰচাৰ চলাবলৈ নিৰ্দেশ দিয়ে। প্ৰতিখন বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ সন্মিলন গঠন কৰি বিদ্যালয়ৰ উন্নয়নত তেওঁলোককো জড়িত কৰিবলৈ তেওঁ জিলা শিক্ষা বিষয়াক নিৰ্দেশ দিয়ে। আনহাতে জল জীৱন মিছনৰ অধীনত জিলাখনত একোটা খণ্ড বাছি লৈ উক্ত অঞ্চলৰ প্ৰতিটো পৰিয়ালক নল যোগে পানী যোগান ধৰা আঁচনিৰে সম্পূৰ্ণ ৰূপে সামৰি লোৱাৰ বাবে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগক পৰামৰ্শ আগবঢ়ায়।

Leave A Reply

Your email address will not be published.