Daily Time Axom

জামুগুৰিহাটৰ সমীপৰ চতিয়াত ৰাষ্ট্ৰীয় পৰ্য্যায়ত পদক জিনিবলৈ সক্ষম হোৱা উশ্বু খেলুৱৈক বিভিন্ন দল সংগঠনৰ সম্বৰ্দ্ধনা

0 13

ৰাষ্ট্ৰীয় পৰ্য্যায়ত উজ্বলি উঠি নিজ গৃহ নগৰত উপস্থিত বিশ্বনাথৰ উশ্বু দল ৷ যোৱা ২৫-৩১ মাৰ্চলৈ কন্যাকুমাৰীত অনুস্থিত হোৱা ২১ সংখ্যক ছাব জুনিয়ৰ উশ্বু চেম্পিয়নশ্বিপত অসম দলৰ হৈ বিশ্বনাথৰ ৯ জনকৈ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল ৷ অসমৰ হৈ বিশ্বনাথৰ খেলুৱৈয়ে ৭ টা পদক জিনিবলৈ সক্ষম হয় ৷ ইয়াৰে ১ টা সোণ , ১ টা ৰূপ আৰু ৫ টা ব্ৰঞ্জপদক লাভ কৰিবলৈ সক্ষম বিশ্বনাথৰ উশ্বু খেলুৱৈ ৷ সোমবাৰে সন্ধিয়া চতিয়াত উপস্থিত হোৱা বিশ্বনাথৰ দলটোৰ খেলুৱৈসকলক চতিয়াত বিভিন্ন দল সংগঠনে উষ্ম আদৰণিৰ লগতে সম্বৰ্দ্ধনা জনায় ৷

এই সম্বৰ্দ্ধনা অনুষ্ঠানত উপস্থিত থাকে চতিয়া নাগৰিক সভাৰ ভৱ শইকীয়া , বিবেক দুৱৰা , চতিয়া প্ৰেছ ক্লাৱৰ সদস্যসকল , চতিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া , ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আদিকে বহুকেইজন চতিয়াৰ বিশিষ্ট ব্যক্তি ৷ সভাখনৰ চলাই নিয়াত বিশেষভাৱে সহায় কৰে চতিয়াৰ সমাজকৰ্মী যুৱক তথা সদ্য ঘোষিত চতিয়া টাউন কমিটিৰ ৱাৰ্ড কমিচনাৰ বিষ্ণু বৰুৱাই ৷

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট ।

Leave A Reply

Your email address will not be published.