ধিঙৰ বিশিষ্ট সমাজকৰ্মী,অধিবক্তা ললিত চন্দ্ৰ বৰাৰ দেহাৱসান
বিভিন্ন দল সংগঠনৰ শেষ শ্ৰদ্ধাঞ্জলি
ধিঙৰ বিশিষ্ট সমাজকৰ্মী, অধিবক্তা, আলিপুখুৰী পাটেকীবড়ী সত্ৰৰ পৰিচালনা সমিতিৰ সভাপতি ললিত চন্দ্ৰ বৰাৰ মঙ্গলবাৰে নিশা নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে । জানিব পৰা মতে বিশিষ্ট সমাজকৰ্মী জন কেইবাটাও ৰোগত আক্ৰান্ত হৈ আছিল। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯৫ বছৰ । তেখেতৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বিভিন্ন দল সংগঠনৰ লগতে গুণমুগ্ধই তেখেতৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জনায় । তাৰ পাছতে বৰাৰ নশ্বৰদেহ আলিপুখুৰী পাটেকীবড়ী সত্ৰলৈ লৈ যোৱা হয় , আলিপুখুৰী পাটেকীবড়ী সত্ৰত ভকত বৈষ্ণব সকলে ধৰ্মীয় ৰীতিনীতিৰে ললিত চন্দ্ৰ বৰাক শেষ শ্ৰদ্ধাঞ্জলি জনায় ।