Daily Time Axom

নাৰায়নপুৰ ধলপুৰত চোৰাং গৰু বেপাৰীক এনকাউন্টাৰ

0 7


ৰাজ্যত পুনৰ বৃদ্ধি পাইছে আৰক্ষীৰ এনকাউন্টাৰ । এইবাৰ লখিমপুৰ জিলাৰ নাৰায়নপুৰ ধলপুৰ আৰক্ষীয়ে এনকাউন্টাৰ কৰিবলৈ বাধ্য হয় চোৰাং গৰু বেপাৰীৰ ওপৰত । জানিব পৰা মতে যোৱা ৰাতি ২৭ টাকৈ গৰু থকা এখন ট্ৰাক বিহপুৰীয়া আৰক্ষীৰ চকুত ধুলি দি পাৰ গৈছিল যদিও বিহপুৰীয়া আৰক্ষীৰ সহযোগত ধলপুৰ আৰক্ষীয়ে ট্ৰাক খন ধৰিবলৈ সক্ষম হয় যদিও গাড়ী খনত থকা ৫ টাকৈ গৰু ব্যৱসায়ীয়ে পলাবলৈ ধৰোত‌ই আৰক্ষীয়ে গুলিয়াবলৈ বাধ্য হয় ।

খবৰ পোৱা অনুসৰি গোপন সূত্ৰৰ পম খেদি ২৭ টাকৈ গৰু থকা ট্ৰাক খনত তিনিটা গৰু মৃত্যু হৈছে ।চোৰাং গৰু ভৰ্তি ট্ৰাকখন বিহপুৰীয়া আৰক্ষী থানা পাৰ হৈ তীব্ৰ বেগেৰে গৈ থকা সময়ত নাৰায়নপুৰ আৰক্ষী থানাৰ বেৰীকেট ভাঙি যায় যদিও ধলপুৰ আৰক্ষীয়ে সম্পূৰ্ণ বেৰীকেট দিয়াত আৱদ্ধ হৈ পৰে গৰু ভৰ্তি ট্ৰাকখন ।আৰক্ষীয়ে ডল গাঁৱৰ বদৰ আলি আৰু আব্দুল ইছলামক এনকাউন্টাৰ প্ৰক্ৰিয়াৰে গ্ৰেপ্তাৰ কৰা বিপৰীতে ৩ টা চোৰাং বেপাৰী পলায়ন কৰে । ধৃত চোৰাং ৱবসায়ী দুগৰাকীৰ ঘৰ দৰং জিলাৰ বেচিমাৰীৰ বুলি জানিব পৰা গৈছে ,আৰু দুয়ো গৰাকী লখিমপুৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।আনহাতে চোৰাং গৰুবোৰ লখিমপুৰ জিলাৰ বঙালমৰাৰ পৰা অনা বুলি আৰক্ষীক অৱগত কৰে । ইফালে আৰক্ষীয়ে চোৰাং গৰু সমূহৰ উপৰিও নম্বৰ প্লেট হীন এখন দহচকীয়া ট্ৰাক জব্দ কৰিছে।


Leave A Reply

Your email address will not be published.