মৰাণ চেপন চাহ বাগিছা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষককে জনালে চৰকাৰলৈ কাতৰ আহ্বান
ডিব্ৰুগড় জিলা অন্তৰ্গত খোৱাং শিক্ষাখণ্ড মৰাণৰ সমীপৰ চেপন চাহ বাগিছা মধ্য ইংৰাজী বিদ্যালয়খন স্থাপিত হয় ১৯৯৬ চনত ।চেপন চাহ-বাগিছাত অৱস্থিতত এইখন মধ্য ইংৰাজী বিদ্যালয় স্থাপিত হোৱাৰ পৰাই বতৰ্মান সময়লৈকে নিয়মীয়াকৈ হ’লেও বিদ্যালয়ৰ পাঠদানসমূহ অবিৰতভাৱে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰি আহিছে স্থানীয় ছয়(৬)জন শিক্ষক-শিক্ষকত্ৰীয়ে ।
আনহাতে, নতুনকৈ ১৩ খন আদৰ্শ বিদ্যালয় স্থাপনত অনুমোদন অসম চৰকাৰৰ ।অসমত নতুনকৈ ১৩ খন মডেল স্কুল বা আদৰ্শ বিদ্যালয় স্থাপনৰ বাবে ৰাজ্য চৰকাৰে অনুমোদন জনাইছে। তদুপৰি চাহ বাগান অঞ্চলত ৯৭ খন আদৰ্শ বিদ্যালয় স্থাপনৰো সিদ্ধান্ত লৈছে চৰকাৰে।কিন্তু ডাঙৰ কথাটো হ’ল “যোৱা ২৬টা বছৰ অতিবাহিত কৰা চেপন- চাহ বাগিছা মধ্য ইংৰাজীএইখন বিদ্যালয় বন্ধ হৈ যাব নেকি ?’।অসম চৰকাৰে চাহ বাগান অঞ্চল সমূহত ৯৭ খন আদৰ্শ বিদ্যালয় স্থাপন কৰা সিদ্ধান্ত লৈছিল ।এনে ভিত্তিত মৰাণ চেপন চাহ-বাগিছা অঞ্চলত স্থাপিত হ’ল এইখন আদৰ্শ বিদ্যালয় ।কিন্তু এইখন চেপন চাহ বাগিছা মধ্য ইংৰাজী বিদ্যালয় ৰ পৰা মাএ ১০ ফুটৰ আঁতৰত স্থাপন কৰিলে অসম চৰকাৰে অনুমোদন দিয়া মডেল স্কুল বা আদৰ্শবিদ্যালয় ।এতিয়া প্ৰশ্ৰু উত্ত্বাপিত হৈছে ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ যদি পাঠদান হয় এইখন আদৰ্শ বিদ্যালয়ত । তেন্তে ২৬টা বছৰে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীক অতিৰত ভাৱে পাঠদান দি অহা ৬ জন শিক্ষক-শিক্ষয়িত্ৰীয়ে ভৱিষ্যতৰ লগতে বিদ্যালয়খন নিঃশেষ হৈ যাব নেকি ।বিদ্যালয়ৰ শিক্ষক-শিক্ষকয়ত্ৰী ,স্থানীয় ৰাইজ,দল-সংগঠনেএতিয়া সু-ব্যৱস্থা সমাধান বিচাৰি শিক্ষাবিভাগৰ লগতে অসম চৰকাৰলৈ কাতৰ আহ্বান ।