Daily Time Axom

নাৰায়নপুৰত যুৱ ছাত্ৰ পৰিষদৰ ৰঙালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি

0 6


খ্যাতনামা গায়ক মানস ৰবীনৰ সংগীতনুষ্ঠানক লৈ ৰাইজৰ ব্যাপক উৎসাহ

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাৰায়নপুৰ আঞ্চলিক‌ সমিতিৰ উদ্যোগত মেৰমুখ বিশ্বজ্যোতি যুৱক সংঘৰ সহযোগত ,আজি জালভৰীয়া বিহু বাকৰিত ব্যাপক প্ৰস্তুতিৰে ৰঙালী বিহু সন্মিলন আয়োজন কৰিছে । এই উদ্দেশ্যে পূৱা পতাকা উত্তোলন, মৌ- কোৱৰ ,মৌ-কোৱৰী,দলীয় বিহু ইত্যাদি প্ৰতিযোগিতাৰ লগতে ৰাতিলৈ সংগীতানুষ্ঠানৰ আয়োজন কৰিছে ।

উল্লেখযোগ্য যে ইতিমধ্যে অসমৰ সংগীত জতগৰ অন্যতম ভোটাতৰা মানহ ৰবীন, বিপুল চেতিয়া ফুকন আৰু খগেন গগৈয়ে আজিৰ সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি জানিব পাৰি এতিয়াৰে পৰা বিহু বাকৰিলৈ বিহুপ্ৰেমী ৰাইজৰ সূত বোৱা পৰিলক্ষিত হৈছে ।



নাৰায়নপুৰৰ পৰা গোপাল গোৱালাৰ ৰিপৰ্ট ।

Leave A Reply

Your email address will not be published.