Daily Time Axom

সৰুপথাৰ নাহৰণী গাঁৱৰ ৰে’লৱে লাইনত মৃতদেহ উদ্ধাৰ

0 6

সৰুপথাৰ নাহৰণী আৰু পদুমনি গাঁৱৰ মাজেৰে যোৱা ৰে’লৱে লাইনৰ ওপৰত সোমবাৰে বিয়লি চাৰিমান বজাত এটি ৰেলে কটা কোনো অচিনাকি ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হয়। মৃতদেহটোৰ লগতে উক্ত স্থানত এটি ভঙা অৱস্থাত পৰি থকা মোবাইল ফোন, ৰেল লাইনৰ কাষত এখন চাইকেল আৰু এযোৰ হাৱাই চেণ্ডেল দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও সেই স্থানতে অনজয শৰ্মা, পিতা মালিৰাম শৰ্মা নামৰ এটি ভোটাৰ কাৰ্ড আৰু এখনি পেন কাৰ্ড পৰি থকা দেখা গৈছে । আনহাতে স্থানীয় লোকে জানিবলৈ দিয়া মতে সোমবাৰে বিয়লি নামনিমুৱা অৱধ অসম ৰে’ল আহি থকা সময়চোৱাত ব্যক্তিজনে আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.