Daily Time Axom

নাজিৰাত উপস্থিত অসম আৰক্ষীৰ RIDE OF PRIDE মটৰ চাইকেল ৰেলীৰ দল

0 11

আজি নাজিৰাৰ শিমলুগুৰিৰ গড়মূৰত উপস্থিত হয় আৰক্ষী বিষয়া আনন্দ মিশ্ৰৰ নেতৃত্বত অহা অসম আৰক্ষীৰ ৰাইড অফ প্ৰাইড মটৰ চাইকেল দল।ৰাষ্ট্ৰপতিৰ পৰা অসম আৰক্ষীয়ে President’s Colour এৱাৰ্ড পোৱাৰ পৰিপ্ৰেক্ষিতত অসমৰ ২৭খন জিলাৰ ২০৫৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰমৰ লক্ষ্যৰে ৩০এপ্ৰিলৰ দিনা ধুবুৰীৰ পৰা যাত্ৰা আৰম্ভ কৰা অসম আৰক্ষীৰ” ৰাইড অফ প্ৰাইড ” মটৰ চাইকেল দলটিক শুকুৰবাৰে নাজিৰা শিমলুগুৰিৰ গড়মূৰত উষ্ম আদৰণি জনোৱা হয়। অসম আৰক্ষীৰ সহকাৰী আৰক্ষী মহাপৰিদৰ্শক(ক্ৰীড়া) আনন্দ মিশ্ৰৰ নেতৃত্বত অহা মটৰচাইকেল দলত অংশগ্ৰহণ কৰে নাজিৰাৰ আৰক্ষী বিষয়া সকলেও। উল্লেখ্য যে অসম আৰক্ষীয়ে ৰাষ্ট্ৰপতিৰ পৰা আৰক্ষী পতাকা লাভ কৰাটোক অসম আৰক্ষীৰ দক্ষতা আৰু পাৰদৰ্শিতাৰ এক বৃহৎ সফলতা বুলি গণ্য কৰি অসম আৰক্ষীৰ সহকাৰী উপ মহাপৰিদৰ্শক আনন্দ মিশ্ৰৰ নেতৃত্বত অহা মটৰ চাইকেল অভিযানকাৰী আৰক্ষীৰ অসমৰ ২৭খন জিলাৰ ২০৫৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ৭মে’ৰ দিনা গুৱাহাটীত উপস্থিত হ’ব। আনহাতে ১০মে’ৰ দিনা গুৱাহাটীৰ গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত আয়োজিত এক অনুষ্ঠানত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে অসম আৰক্ষীক ভাৰতৰ ৰাষ্ট্ৰপতিৰ হৈ Presidents Colour প্ৰদান কৰিব। Presidents Colour সন্মানৰে সন্মানিত অসম আৰক্ষী দেশৰ দশমখন ৰাজ্যৰ ৰাজ্যিক আৰক্ষী।যুৱ প্ৰজন্মক যোগাত্মক চিন্তা কৰিবলৈ আহ্বান জনাই আনন্দ মিশ্ৰই।আজি শিৱসাগৰ জিলাক সামৰি ২৩ খন জিলাত প্ৰৱেশ কৰাৰ কথা কয় আনন্দ মিশ্ৰই।

Leave A Reply

Your email address will not be published.