Daily Time Axom

বিজনীত চিৰাং আৰক্ষীৰ চাইকেল ৰেলী

0 12

বিজনীত চিৰাং আৰক্ষীৰ বৃহৎ চাইকেল ৰেলী।ৰাষ্ট্ৰপতিয়ে অসম আৰক্ষীক সন্মান প্ৰদান কৰি আগবঢ়োৱা President Colour Award ৰ ১০ মে’ত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠান উদযাপনৰ বহুল প্ৰচাৰৰ বাবে চিৰাং আৰক্ষীৰ উদ্যোগত আৰু বিজনী মহকুমা প্ৰশাসনৰ সহযোগত শনিবাৰে ৰাতিপুৱা আয়োজন কৰা হয় এই চাইকেল ৰেলীৰ। জিলা আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰাই উদ্বোধন কৰা ৰেলী বিজনী থানাৰ পৰা আৰম্ভ কৰি বিজনী চহৰ পৰিভ্ৰমণ কৰে। উক্ত কাৰ্যসূচীত পাৰিষদ প্ৰদীপ কুমাৰ বায়ন, বিজনীৰ মহকুমাধিপতি ৰাহুল কুমাৰ গুপ্তা, বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰয়, বিজনীৰ কেবাটাও স্বেচ্ছাসেৱী সংস্থা লগতে ছাত্র – ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.