Daily Time Axom

২১ বছৰ মৃত পত্নীৰ শৰীৰৰ স’তে বাস কৰা লোকজন

0 15

এজন সঙ্গীক হেৰুওৱাৰ বেদনা অতি গধুৰ। কিন্তু মৃত্যু প্ৰতিৰোধ কৰিব কোনে পাৰিব ? প্ৰেমৰ দ্বাৰা মৃত ব্যক্তি এজনক কোনো ধৰণে ৰক্ষা কৰিব পাৰি জানো ৷ আত্মীয়-স্বজন আৰু বন্ধুবৰ্গই ভাগ্যকেই স্বীকাৰ কৰি প্ৰিয়জনৰ প্ৰস্থানৰ বেদনা ফুৰিব লাগে চিৰদিন ৷ অৱশ্যে, যদি কোনোবাই এই মৃত্যুক স্বীকাৰ নকৰে, তেন্তে কি হ’ব ৷ থাইলেণ্ডৰ এজন মধ্যবয়স্ক ব্যক্তিৰ সৈতে ঘটনাটো ঘটিছিল, তেওঁ ২১ বছৰ পূৰ্বে পত্নীক হেৰুৱাইছিল৷ তেওঁ সেই মৃত্যুক সহজে গ্ৰহণ কৰিব নোৱাৰিলে৷ সেয়ে ২১ বছৰ ধৰি তেওঁ পত্নীৰ মৃত শৰীৰৰ লগতে আছিল৷

২০০১ চনত ৭২ বছৰীয়া চৰণ জানবচাকালৰ পত্নীৰ মৃত্যু হয়। তেওঁৰ পত্নীয়ে স্থানীয় স্বাস্থ্য বিভাগত কাম কৰিছিল। পত্নীৰ মৃত্যুৰ পিছত চৰণে পত্নীৰ মৃতদেহ ঘৰতে ৰাখিছিল৷ মৃতদেহটো সতৰ্কতাৰে ঘৰৰ ভঁৰালৰ কোঠাত এটা কফিনত ৰাখিছিল। তেওঁ কৈছিল যে তেওঁ পত্নীক বৰ ভাল পায়৷ তেওঁ কোনোপ্ৰকাৰে পত্নীৰ বিচ্ছেদ গ্ৰহণ কৰিব নোৱাৰে ৷ পত্নীৰ পৰা পৃথক হোৱাৰ চিন্তাই তেওঁক খুটি খুটি খাইছিল৷। গতিকে সেইবাবেই পত্নীৰ মৃত্যুৰ পিছত, চৰণে মৃতদেহটো কফিনত ভৰাই ঘৰতে ৰাখে।

অৱশেষত, এই বছৰৰ ৩০ এপ্ৰিলত তেওঁ পত্নীৰ কফিনটো সমাধিস্থ কৰিলে। চৰণে এটা স্বেচ্ছাসেৱী সংগঠনৰ সহায়ত তেওঁৰ পত্নীৰ অন্তিম সংস্কাৰ সম্পন্ন কৰে। এতিয়া পত্নীৰ মৃত্যুৰ ইমান বছৰ পিছতো চৰণে বাস্তৱতাক মানি ল’বলৈ টান পাইছে৷ এনে প্ৰেম অমৰ! বেংককত এই ব্যক্তিজনে বাস্তৱত প্ৰেমৰ প্ৰকৃত ৰূপটো চিত্ৰিত কৰিছে।

চৰণ যোৱা ২১ বছৰ ধৰি অকলে আছে। তেওঁ এসময়ত ৰয়েল থাই আৰ্মীত চিকিৎসক হিচাপে নিযুক্ত আছিল। কিন্তু যোৱা ২০ বছৰ ধৰি, তেওঁ অকলশৰীয়া জীৱন যাপন কৰি আহিছে। তেওঁৰ পত্নীৰ মৃত্যুৰ পিছত, তেওঁৰ পোহনীয়া মেকুৰী আৰু কুকুৰৰ সৈতে সময় অতিবাহিত কৰিছে। তেওঁৰ ঘৰত বিদ্যুতৰ সংযোগ নাই, পানীৰ পাইপ নাই। এই ব্যক্তিজন পানীৰ বাবে চুবুৰীয়াৰ ঘৰৰ ওপৰত নিৰ্ভৰশীল। অৰ্থাৎ পত্নীৰ মৃত্যুৰ পাছত চৰণে দিনটো কোনোপ্ৰকাৰে কটায়৷

শেষত, তেওঁৰ পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াৰ আঁৰত এটা কাৰণো আছে। তেওঁ ভাবিছিল যে যদি তেওঁৰ মৃত্যু হয়, তেন্তে তেওঁৰ পত্নীৰ কফিনত-আৱদ্ধ শৰীৰটোৰ যত্ন ল’বলৈ কোনো নাথাকিব!

Leave A Reply

Your email address will not be published.