Daily Time Axom

বিধায়ক ভাস্কৰ শৰ্মাৰ ব্যক্তিগত পুঁজিৰে চাওলুং চ্যুকাফাৰ পূর্ণাংগ প্রতিমূর্তি নিৰ্মাণ

0 19

মাৰ্ঘেৰিটাত স্থাপন কৰা চাওলুং চ্যুকাফাৰ পূর্ণাংগ প্রতিমূর্তি ও ইক’পাৰ্ক আজি ৰাইজৰ বাবে মুকলি কৰি দিয়া হয়। মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাৰ ব্যক্তিগত ধনেৰে মাৰ্ঘেৰিটা হিলভিউত চাওলুং চ্যুকাফাৰ পূর্ণাংগ প্রতিমূর্তি স্থাপন কৰা হয়।উক্ত প্ৰতিমূৰ্তিটো শুভ উদ্ধোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। মাৰ্ঘেৰিটাৰ স্থিত নৱনিৰ্মিত ইক’পাৰ্কত বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ মহান পুৰুষ তথা অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি স্থাপন কৰি ঐক্য আৰু সম্প্ৰীতিৰ এক জ্বলন্ত নিৰ্দশন দাঙি ধৰিছে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই।পূৰ্ণাংগ প্ৰতিমূৰ্তিটো উন্মোচন কৰাৰ লগতে আজি নৱনিৰ্মিত ইক’পাৰ্কখনো ৰাইজৰ বাবে মুকলি কৰি দিয়া হয়। কেইবা সহশ্ৰাধিক স্থানীয় ৰাইজৰ উপস্থিতিত কেন্দ্ৰীয় মন্ত্ৰীজনে উক্ত প্ৰতিমূৰ্তিটো শুভ উন্মোচন কৰে। ইক্ পাক খনে মাৰ্ঘেৰিটা বাসী এক বহু দিনীয়া আশা পুৰণ কৰিলে বুলি কয় কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।

মাৰ্ঘেৰিটা পৰা প্ৰতিক ছেত্ৰীৰ ৰিপৰ্ট

Leave A Reply

Your email address will not be published.