Daily Time Axom

দৰংগিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰঞ্জিৎ দাস

0 15

সম্প্ৰতি ৰাজ্যৰ দহখনকৈ জিলাৰ লগতে গোৱালপাৰা জিলাতো চলি আছে  গুণোৎসৱ l গুণোৎসৱৰ মাজতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে মন্ত্ৰী ৰঞ্জিৎ দাস উপস্থিত হয় দৰংগিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত l বিদ্যালয়খনত উপস্থিত হৈ শিক্ষক – শিক্ষয়িত্ৰী, বিদ্যালয় পৰিচালনা সমিতি আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে l মন্ত্ৰীগৰাকীয়ে শ্ৰেণী কোঠাত ছাত্ৰ-ছাত্ৰীসকলৰ মূল্যায়ণ নিৰীক্ষণ কৰে l নিৰীক্ষণৰ অন্তত দৰংগিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক পৰিবেশ আৰু পৰিচালনা ব্যৱস্থা যথেষ্ট সন্তোষজনক বুলি প্ৰকাশ কৰে l গোৱালপাৰা জিলাত প্ৰায় ৩২ খনকৈ প্ৰাথমিক বিদ্যালয় শিক্ষক বিহীন ভাবে চলি থকাৰ লগতে হাইস্কুল বা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বহু পদ খালি হৈ থকা বুলি সাংবাদিকে আঙুলিয়াই দিয়াত চৰকাৰে শীঘ্ৰে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব দিয়ে।

Leave A Reply

Your email address will not be published.