Daily Time Axom

লিডুৰ শংকৰদেৱ বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনৰ শুভ উদ্বোধন

0 19

মাৰ্ঘেৰিটা সমষ্টিৰ লিডুৰ শংকৰদেৱ বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ “ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান” ৰ দ্বাৰা নিৰ্মিত নতুন বিদ্যালয় ভৱনটো বৃহস্পতিবাৰে বিধায়ক ভাস্কৰ শৰ্মাই আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ।
তদুপলক্ষে বিদ্যালয় পৰিচালনা সমিতিৰ বিদায়ী সভাপতি জগত চাংমাইৰ পৌৰহিত্যত এখন সভা অনুষ্ঠিত হয় । বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা সাংবাদিক ৰাণাজ্যোতি নেওগে আঁত ধৰা সভাৰ উদ্দেশ্যে বাখ্যা কৰে প্ৰধান শিক্ষয়িত্ৰী চুফাতি পমুং মিলিয়ে । উদ্বোধক ৰূপে অংশগ্ৰহণ কৰি দিয়া ভাষণত বিধায়ক শৰ্মাই
লিডু অঞ্চলৰ শৈক্ষিক-সামাজিক ক্ষেত্ৰখনলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা তথা মানৱ সম্পদ গঢ়ি তোলাৰ দিশত নিৰৱচ্ছিন্ন প্ৰচেষ্টা কৰি অহা এই বিদ্যালয়খনৰ নতুন ভৱনটিৰ নিৰ্মাণে বিদ্যালয়খনৰ পৰিসৰ বৃদ্ধি কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যথেষ্ট উপকৃত কৰিব বুলি কয় । তেওঁ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ শিক্ষা খণ্ডৰ লগতে সকলো ক্ষেত্ৰত যুগান্তকাৰী পৰিবৰ্তন হ’ব বুলি কয় । সভাখনত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে বিশিষ্ট কবি তথা সমাজসেৱক ড° ৰঞ্জিত দত্তই গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায় ।বিদ্যালয়ৰ সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত বিদ্যালয়খনৰ প্ৰাক্তন প্ৰধান শিক্ষক সোমেশ্বৰ নেওগ মাৰ্ঘেৰিটা আন্ঞ্ছলিক পন্ঞ্চায়তৰ সভাপতি সুখদেৱ শৰ্মা বিদ্যালয় পৰিচালনা সমিতিৰ নৱনিৰ্বাচিত সভাপতি তৰুণ গগৈ লক্ষীনাথ হালৱা অনীলা ফুকন ডিম্বেশ্বৰ চাংমাই আদি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।

মাৰ্ঘেৰিটা পৰা প্ৰতিক ছেত্ৰীৰ ৰিপৰ্ট ।

Leave A Reply

Your email address will not be published.