Daily Time Axom

সৰুপথাৰত আৰক্ষীৰ হাতত আটক দুজন অবৈধ কাঠ ব্যৱসায়ৰ লগত জড়িত ব্যক্তি

0 11

ধনশিৰি মহকুমাৰ সৰুপথাৰৰ নাওঁজানৰ পৰা মংগলবাৰে আৰক্ষীয়ে আটক কৰিছে অবৈধ কাঠ ব্যৱসায়ৰ লগত জড়িত দুই ব্যক্তিক। উল্লেখ্য যে এক গোপন সূত্ৰৰ খবৰ অনুসৰি UP 55T 2401 নম্বৰৰ এখন ট্ৰাকত চোৰাং কাঠ কঢ়িয়াই অনাৰ খবৰ লাভ কৰিছিল নাওঁজান আৰক্ষীয়ে। ইয়াৰ পাছতেই নাওঁজান আৰক্ষীয়ে স্থাপন কৰা নাকা তালাচীত অবৈধ কাঠ কঢ়িয়াই অনা ট্ৰাকখনৰ আগে আগে সুৰক্ষা দি চুইফট ডিজায়াৰ গাড়ীৰে সৈতে অহা দুজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছে সৰুপথাৰ আৰক্ষী।

ইপিনে আৰক্ষীয়ে ব্যক্তি দুজনক আটক কৰিছে যদিও উক্ত ট্ৰাকখন নাকা তালাচীৰ কিছু আঁতৰৰ পৰা কেনেকৈ পলাই যাবলৈ সক্ষম হ’ল সেইয়াও এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। আনহাতে আটকাধীন দুইজনকে জেললৈ প্রেৰণ কৰিছে সৰুপথাৰ আৰক্ষীয়ে।

সৰুপথাৰ ৰ পৰা অনুপ বৰা ৰিপৰ্ট।

Leave A Reply

Your email address will not be published.