অসম সাহিত্য সেৱা মঞ্চৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা
স্বৰ্গীয় ৰজনীকান্ত দাস আৰু স্বৰ্গীয় কমল গগৈ দেৱৰ পবিত্র স্মৃতিত বিশ্বনাথৰ বাইদেউ হোটেলৰ প্ৰেক্ষাগৃহত গ্ৰন্থ উন্মোচন
বিশ্বনাথ চাৰিআলিৰ বাইদেউ হোটেলত অসম সাহিত্য সেৱা মঞ্চৰ উদ্যোগত “পূজা প্ৰকাশন” ৰ দ্বাৰা প্ৰকাশ কৰা ছয়খন কৈ গ্ৰন্থ উন্মোচন কৰা হয় । সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলণ কৰে অসম সাহিত্য সেৱা মঞ্চৰ জেষ্ঠ মডাৰেটৰ তথা গোটৰ মুখ্য উপদেষ্টা দ্বীপেন হাজৰিকাই । ইয়াৰ পাছতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম সাহিত্য সেৱা মঞ্চৰ সম্পাদক প্ৰেম বৈষ্ণৱে । সভাৰ আদৰণী ভাষণ প্ৰদান কৰে বিশ্বনাথ জিলা বিশিষ্ট সমাজ সেৱক ড০ কল্প কিশোৰ হাজৰিকাই ।

ইয়াৰ পাছতে প্ৰেম বৈষ্ণৱৰ দ্বাৰা ৰচিত “হেৰুৱা প্ৰেমৰ সুগন্ধি” আৰু প্ৰেম বৈষ্ণৱ ৰ সম্পাদনাত প্ৰকাশ কৰা “অসম সাহিত্য সেৱা মঞ্চ” ৰ মুখপত্ৰ “হৃদয়ৰ স্পন্দন” উন্মোচন কৰে ,সভাৰ বিশিষ্ট অতিথি ড০ ৰূপা ডেকা পাটৰে , গিৰিন্দ্ৰ কলিতাৰ গল্প সংকলন “এচেৰেঙা ৰঙা ৰ’দ” উন্মোচন কৰা হয় । গল্প সংকলনখন উন্মোচন কৰে ড০ কল্প কিশোৰ হাজৰিকাই , চৈয়দা জ্যোৎস্না ৰাণী বেগমৰ দ্বাৰা ৰচিত “গান্ধ বিৰিণা” কাব্যসংকলন উন্মোচন কৰে বিশ্বনাথৰ জেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকাই , নলবাৰী জিলাৰ উদীয়মান কবি অমৰেন্দ্ৰ দাসৰ দ্বাৰা ৰচিত “মোৰ এটি সপোন” কাব্যসংকলন উন্মোচন কৰে অসম সাহিত্য সেৱা মঞ্চৰ সম্পাদক কাব্যৰত্ন প্ৰেম বৈষ্ণৱে । কবি দিপ্তীমণি গোস্বামী দ্বাৰা ৰচিত “তৃষ্ণাতুৰ পৰাণ” কাব্যসংকলন উন্মোচন কৰে অসম সাহিত্য সেৱাৰ মঞ্চৰ জ্যেৎস্না মডাৰেটৰ, কিৰণ চন্দ্ৰ নাথে । সভাখনত সভাপতিত্ব কৰে অসম সাহিত্য সেৱা মঞ্চৰ সভানেত্রী ড’ শেৱালী বৰাই । সভাত উপস্থিত থকা সকলোকে ফুলাম গামোচা আৰু একোখনকৈ চেলেং চাদৰেৰে আদৰণি জনোৱা হয় । সদৌ শেষত “অসম সাহিত্য সেৱা মঞ্চৰ ” মুখ্য প্ৰশাসক পূজা ধৰ বৈষ্ণৱে সভাত উপস্থিত থকা সকলোকে আনুষ্ঠানিক ভাৱে শলাগৰ শৰাই আগবঢ়াই ।