Daily Time Axom

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ফলাফল ঘোষণা ৷ শীৰ্ষত JNUৰ শ্ৰুতি শৰ্মা ৷ প্ৰথম তিনিওটা স্থান দখল ছাত্ৰীৰ ৷

0 18

কেন্দ্ৰীয় লোকসেৱা আয়োগ, ইউ পি এছ চিয়ে আজি ২৮ মে’ ২০২২ তাৰিখে অনলাইনযোগে প্ৰকাশ কৰিছে ইউ পি এছ চি টপাৰ্ছ ২০২১ তালিকা। ইউ পি এছ চিত এইবাৰ শ্ৰুতি শৰ্মাই অসামৰিক সেৱা পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছে। তেওঁৰ পিছতে আছে অংকিতা আগৰৱালা UPSC অসামৰিক সেৱা পৰীক্ষাৰ সৰ্বভাৰতীয় দ্বিতীয় স্থানত । সম্পূৰ্ণ তালিকাখন তলত অফিচিয়েল ৱেবছাইটত মুকলি কৰা হৈছে – upsc.gov.in

আয়োগে সকলো পৰীক্ষাৰ্থীয়ে পৰীক্ষা কৰিব পৰাকৈ ইউ পি এছ চিৰ অফিচিয়েল ৱেবছাইটত অনলাইনযোগে উপলব্ধ কৰিছে। প্ৰাৰ্থীসকলে ইয়াত UPSC Civil Services Results 2021 ৰ ফলাফলো চাব পাৰিব।

UPSCৰ শীৰ্ষৰ স্থানৰ শ্ৰুতি শৰ্মা

ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ অসামৰিক সেৱাৰ IAS, IPS, IFS আৰু বহুতো শাখাৰ বাবে মুঠ ৬৮৫ গৰাকী প্ৰাৰ্থীক নিৰ্বাচিত কৰা হৈছে। ইউ পি এছ চিৰ দ্বাৰা পৰিচালিত তিনিওটা ৰাউণ্ড – প্ৰিলিমছ পৰীক্ষা, মেইনছ পৰীক্ষা আৰু ইন্টাৰভিউ ৰাউণ্ডত তেওঁলোকৰ প্ৰদৰ্শনৰ ভিত্তিত টপাৰসকলক নিৰ্বাচন কৰা হৈছে।

২০২১ চনৰ ১০ অক্টোবৰৰ পৰা আৰম্ভ হৈছিল ইউ পি এছ চিৰ অসামৰিক সেৱা ২০২১ৰ প্ৰাৰম্ভিক পৰীক্ষা। ২০২২ চনৰ ৭, ৮, ৯, ১৫ আৰু ১৬ জানুৱাৰীত অনুষ্ঠিত হৈছিল মেইনছ পৰীক্ষা।তাৰ পিছত ২০২২ চনৰ ৫ এপ্ৰিলৰ পৰা ২৬ মে’লৈকে সাক্ষাৎকাৰ ৰাউণ্ডৰ বাবে যোগ্যতাসম্পন্ন পৰীক্ষাৰ্থীসকল হাজিৰ হয়।

প্ৰথম স্থান অধিকাৰ কৰা শ্ৰুতি শৰ্মা JNUৰ প্ৰাক্তন ছাত্ৰী ৷ উল্লেখ্য যে এইবাৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰথম তিনিওটা স্থান নাৰীয়ে দখল কৰিছে ৷

Leave A Reply

Your email address will not be published.