Daily Time Axom

শিৱসাগৰৰ আমগুৰি সমাজ কল্যাণ বিভাগৰ পুতৌলগা দৃশ্য

0 15

৮৪ নং অঙ্গনবাড়ী কেন্দ্ৰৰ দুখলগা দৃশ্যই বিভাগটোৰ ফোপোলা স্বৰূপ পোহৰলৈ আনিছে

বিগত এটা বছৰে বৰবাম চাহ-বাগিছাৰ হস্পিটাল লাইনৰ ৮৪ নং অঙ্গনবাড়ী কেন্দ্ৰৰ দুখলগা দৃশ্যই বিভাগটোৰ ফোপোলা স্বৰূপ পোহৰলৈ আনিছে । শিৱসাগৰৰ আমগুৰি সমষ্টিৰ এই অঙ্গনবাড়ী কেন্দ্ৰটোৰ গৃহৰ টিংবিলাক ভাঙি যোৱাৰ ফলত কণ কণ শিশুসকলৰ অধ্যয়ন কোঠাৰ পৰাই মুকলি ভাৱে আকাশ দেখা পোৱা যায় । বৰষুণ দিলে পানী, ৰ’দত ৰ’দ পৰা অঙ্গনবাড়ী কেন্দ্ৰটোৰ জৰাজীৰ্ণ অৱস্থাই শিশুসকলৰ শিক্ষা গ্ৰহণত ব্যাঘাট জন্মোৱাৰ লগতে শৈক্ষিক দিশতো পয়া লাগিছে । ৰান্ধনীশালতে ১৫/২০ টা শিশুক অ-স্বাস্থ্যকৰ ভাৱে যোৱা ছটা মাহে পাঠদান কৰি আহিছে অঙ্গনবাড়ী কৰ্মী-সহায়িকাই । অঙ্গনবাড়ী কৰ্মী-সহায়িকাই বিভাগীয় কৰ্তৃীপক্ষৰ দৃষ্টি নোহোৱা অঙ্গনবাড়ী কেন্দ্ৰটো শীঘ্ৰে নিৰ্মাণ নকৰিলে দুৰ্ঘটনা হোৱাৰো আশংকা প্ৰকাশ কৰিছে ৰাইজে ।

Leave A Reply

Your email address will not be published.