Daily Time Axom

জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবেৰ প্ৰতি গভীৰ সন্মানৰ চিন হিচাপে ৯ জুলাইত ৰাষ্ট্ৰীয় শোক দিৱস

0 17

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবেৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁ কয় যে, “মোৰ এজন প্ৰিয় বন্ধু শিনজো আবেৰ দুখজনক মৃত্যুত মই হতবাক আৰু দুখিত। তেওঁ এজন মহান বিশ্বমানৰ ৰাজনীতিবিদ, এজন উৎকৃষ্ট নেতা আৰু এজন উল্লেখযোগ্য প্ৰশাসক আছিল। তেওঁ জাপান আৰু বিশ্বক এখন উন্নত স্থান তৈয়াৰ কৰিবলৈ নিজৰ জীৱন উৎসৰ্গা কৰিছিল। ৯ জুলাইত ভাৰতত এটা দিনৰ বাবে ৰাষ্ট্ৰীয় শোক দিৱস পালন। বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্বৰ স্তৰত ভাৰত-জাপান সম্পৰ্ক বৃদ্ধিত শিনজো আবেয়ে এক বৃহৎ অৱদান আগবঢ়াইছিল। আজি সমগ্ৰ ভাৰত জাপানৰ সৈতে এই দুখৰ সময়ত এই কঠিন পৰিস্থিতিতো জাপানী ভাই-ভনীসকলৰ সৈতে থিয় দি আছো।”

প্ৰধানমন্ত্ৰী মোডীয়ে ঘোষণা কৰিছে যে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবেৰ প্ৰতি আমাৰ গভীৰ সন্মানৰ চিন হিচাপে ২০২২ চনৰ ৯ জুলাইত দেশত ৰাষ্ট্ৰীয় শোকৰ দিন পালন কৰা হ’ব।

Leave A Reply

Your email address will not be published.