Daily Time Axom

২৫ হাজাৰ ১৪৬ জন শৰণাৰ্থীৰ ইংলিছ চেনেল পাৰ হৈ অবৈধভাৱে ইংলেণ্ডত প্ৰৱেশ

0 17

দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষত এতিয়ালৈকে ২৫ হাজাৰ ১৪৬ জন শৰণাৰ্থীয়ে ইংলিছ চেনেল পাৰ হৈ অবৈধভাৱে ইংলেণ্ডত প্ৰৱেশ কৰিছে।

এয়া মন্ত্ৰালয়ে প্ৰকাশ কৰা শৰণাৰ্থীৰ শেহতীয়া পৰিসংখ্যা।

ইয়াৰে শনিবাৰে মুঠ ৯১৫ জন শৰণাৰ্থীয়ে ১৯ খন সৰু নাৱেৰে দক্ষিণ-পূব ইংলেণ্ডৰ কেণ্ট কাউন্টিত প্ৰৱেশ কৰে। ইয়াৰ ভিতৰত মহিলা আৰু শিশুও আছে।

এই মাহত এতিয়ালৈকে ৮৭৪৭ জন শৰণাৰ্থীয়ে ইংলিছ চেনেল পাৰ হৈ কেণ্টলৈ গৈছে। যোৱা সপ্তাহত তিনি হাজাৰ ৭৩৩ জন লোক আৰু যোৱা সোমবাৰে ১ হাজাৰ ২৯৫ জন লোক গৈছে।

ইংলিছ চেনেল পাৰ হৈ অহা শৰণাৰ্থীৰ সোঁত ৰোধ কৰিবলৈ যোৱা এপ্ৰিল মাহত ব্ৰিটিছ গৃহ সচিব প্ৰীতি পেটেলে নতুন পৰিকল্পনা আৰম্ভ কৰিছিল। তাত অবৈধ শৰণাৰ্থীসকলক ৰুৱাণ্ডাৰ আশ্ৰয় শিবিৰলৈ পঠিওৱা হ’ব।

কিন্তু সেইটোৱেও শৰণাৰ্থীৰ সোঁত বন্ধ কৰিব নোৱাৰিলে। তেতিয়াৰ পৰা এই কেইমাহমানৰ ভিতৰত ১৯,৮৭৮ জন শৰণাৰ্থীয়ে ইংলিছ চেনেল পাৰ হৈ ইংলেণ্ডত প্ৰৱেশ কৰিছে।গৃহ মন্ত্ৰালয়ৰ নতুন পৰিকল্পনা অনুসৰি জুন মাহত অবৈধ শৰণাৰ্থী লৈ প্ৰথমখন বিমান ৰুৱাণ্ডালৈ যোৱাৰ কথা আছিল। কিন্তু আইনী প্ৰত্যাহ্বানৰ বাবে বাতিল কৰা হয় এই যাত্ৰা।

কেইবাটাও আশ্ৰয়প্ৰাৰ্থী, ৰাজহুৱা আৰু বাণিজ্যিক সেৱা সংঘ আৰু একাংশ দাতব্য সংস্থাই গৃহ মন্ত্ৰালয়ৰ নীতিক প্ৰত্যাহ্বান জনাই আদালতলৈ গৈছিল। ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত এই গোচৰৰ শুনানি হ’ব। ফ্ৰান্সৰ পৰা ইংলিছ চেনেল পাৰ হৈ গ্ৰেট ব্ৰিটেইনত প্ৰৱেশ কৰিছিল শৰণাৰ্থীসকলে।

Leave A Reply

Your email address will not be published.