জানিব পৰা মতে, কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীয়ে এজন ব্যক্তিৰ পৰা এজাহাৰ লাভ কৰি এজন চৰকাৰী কর্মচাৰীক ফোন কৰিছিল৷ কিন্তু ফোনত মন্ত্ৰীৰ মাতটো চিনি নাপালে কৰ্মীজনে। অভিযোগ অনুসৰি কৰ্মচাৰীজনে নিজৰ কৰ্তব্য সঠিকভাৱে পালন কৰা নাই।
কৰুণেশ (২৭) নামৰ এজন লোকে পিতৃৰ মৃত্যুৰ পিছত মাতৃ সাবিত্ৰী দেৱীয়ে পেঞ্চন লাভ কৰা নাই বুলি অভিযোগ কৰে। কাৰণ, দীপক নামৰ এজন চৰকাৰী কৰ্মচাৰীয়ে পেঞ্চন প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা নাই। উত্তৰ প্ৰদেশৰ মুছাফিৰখানা তহচিলৰ পাহলৱান গাঁৱৰ বাসিন্দা কৰুণেশে আমেথিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীলৈ এখন পত্ৰ লিখে। অভিযোগ পোৱাৰ পিছতে যোৱা শনিবাৰে স্মৃতিয়ে পোনপটীয়াকৈ ফোন কৰে চৰকাৰী কৰ্মীগৰাকীক। কিন্তু ফোনত মন্ত্ৰীগৰাকীৰ মাত চিনিব পৰা নাই বুলি দাবী কৰে কৰ্মীজনে। ইয়াৰ পিছতে তেওঁৰ বিৰুদ্ধে তদন্ত আৰম্ভ হয়। আমেঠীৰ মুখ্য উন্নয়ন বিষয়া অংকুৰ লাথাৰে কয় যে এয়া চৰকাৰী কৰ্মীগৰাকীৰ গাফিলতি। তেওঁ সঠিকভাৱে কাম কৰা নাই। মহকুমাধিপতিয়ে বিষয়টো চাবলৈ নিৰ্দেশ দিছে। খবৰ দিয়া হৈছে যে চৰকাৰী কৰ্মী দীপকৰ বিৰুদ্ধে কি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।