দক্ষিণৰ চিনেমাৰ অন্যতম জনপ্ৰিয় অভিনেতা অক্কিনেনী নাগাৰ্জুনা। দৰ্শকৰ মাজত নাগাৰ্জুন নামেৰে পৰিচিত। ৰজনীকান্ত, কমল হাছানৰ পিছত দক্ষিণ ভাৰতীয় চিনেমাক আগুৱাই নিয়া সকলৰ ভিতৰত নাগাৰ্জুন অন্যতম। ১৯৮৬ চনত ‘বিক্ৰম’ চলচ্চিত্ৰৰে আত্মপ্ৰকাশ কৰিছিল নাগাৰ্জুনে। সেইখন ছবিতে তেওঁ নিজকে এজন অভিনেতা হিচাপে চিনাকি দিছিল। তাৰপিছত তেওঁ পিছলৈ ঘূৰি চোৱা নাছিল। দক্ষিণৰ উদ্যোগত নিজকে প্ৰতিষ্ঠা কৰিছিল। মূলসুঁতিৰ বাণিজ্যিক ছবিত অভিনয় কৰাৰ পিছত তেওঁ দৰ্শকৰ হৃদয়ত স্থান লাভ কৰিছিল।

নব্বৈৰ দশকত যুৱক নাগাৰ্জুনে মহিলা অনুৰাগীৰ হৃদয়ত ধুমুহাৰ সৃষ্টি কৰিছিল। পুৰুষসকলেও নাগাৰ্জুনৰ দৰে গোঁফ ৰখাব বিচাৰিছিল। নাগাৰ্জুনৰ অভিনয় দক্ষতাকলৈ নতুন কথা ক’ব লগা নাই। তেওঁৰ অভিনেতা হিচাপে বহু সফল। দক্ষিণৰ টেলিভিছনত জনপ্ৰিয় অনুষ্ঠান ‘কৌন বনেগা কৌৰপতি’ জৰিয়তেও জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয় অভিনেতা গৰাকীয়ে। প্ৰযোজক হিচাপেও সফল হৈছে নাগাৰ্জুন।
ইমান দায়িত্ব চম্ভালি থকাৰ পিছতো নাগাৰ্জুন যথেষ্ট সুস্থ। বয়স ৬০ বছৰৰ ওপৰত তেওঁৰ।তেওঁৰ অনুৰাগীসকলে জানিব বিচাৰে যে তেওঁ এই বয়সতো কেনেকৈ নিজকে ইমান ফিট কৰি ৰাখিছে। ২৯ আগষ্ট অৰ্থাৎ সোমবাৰে নাগাৰ্জুনে ৬৩ বছৰ সম্পূৰ্ণ কৰিলে। নৰ্গজুনৰ জন্মদিনত প্ৰকাশ পালে দৈনিক খাদ্যাভ্যাস আৰু ফিটনেছ ৰুটিন।
পুৱা ৬ বজাত সাৰ পাই অভিনেতা গৰাকী। পুৱা প্ৰথমে কণীৰ কুহুম আৰু ৰুটি খাই দুঘণ্টামান ব্যায়াম কৰে। ইয়াৰ পিছত তেওঁ গা ধোৱে। ১১ বজাৰ ভিতৰত পুনৰ ডোছা বা ইডলি খায়। দিনৰ ১ বজাৰ ভিতৰত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। দুপৰীয়া লঘূ আহাৰ গ্ৰহণ কৰে। ৰুটি আৰু শাক-পাচলিৰে বনোৱা তৰকাৰী খায়। ইয়াৰ পিছত কিছুমান ফল-মূল খায় । সন্ধিয়া ৭ মান বজাত অভিনেতা গৰাকীয়ে ৰাতিৰ আহাৰ গ্ৰহণ কৰে। তেওঁৰ ৰাতিৰ আহাৰত সিজোৱা শাক-পাচলি আৰু গ্ৰীল কৰা কুকুৰা থাকে।