অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন প্ৰজ্ঞা ফাউণ্ডেছন ৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু প্ৰজ্ঞা ফাউণ্ডেচন মৰিগাঁও জিলা সমিতিৰ সহযোগত ১৮ জনকৈ স্বনামধন্য ব্যক্তিক আজি শিক্ষক দিৱস দিনটোতে গুৰুৰ আসনত অধিষ্ঠিত কৰি উখল মাখল পৰিৱেশত বৃহৎ বনাঢ়্য কাৰ্য্যসূচীৰে গুৰুপূজনৰ সম্পূৰ্ণ ৰীতি নীতিয়ে ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জনাই ।১৮ জনকৈ স্বনামধন্য ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা বিয়ল দৃশ্য সঁচাকৈয়ে স্মৰণীয় নিশা ভাগত মৰিগাঁও পশ্চিম কৃষ্ণ মন্দিৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা গুৰুপূজনৰ কায্যসূচী অনুস্থানতি চাবলৈ মৰিগাওঁ জিলা বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱ সকল চাবলৈ আহি ভিৰ কৰা পৰিলক্ষিত হয়।