নিউজ ডেস্ক, ১৬ চেপ্নেম্বৰঃ ২ অক্টোবৰত বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ T20 মেচ ৷ আজি প্ৰথম পৰ্যায়ৰ টিকট বিক্ৰী। দিনৰ ১১ বজাত অনলাইনযোগে টিকট ক্ৰয় কৰিব পাৰিব ক্ৰিকেট প্ৰেমীসকলে৷ BookMyShowৰ পৰা ক্ৰয় কৰিব পাৰিব এই টিকট ৷ প্ৰথম পৰ্যায়ত ১৫,০০০ টিকট মুকলি কৰা হ’ব ৰাইজৰ বাবে ৷
উল্লেখযোগ্য যে ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন টী-২০ মেটছ খেলিব। প্ৰথমখন খেল থিৰুৱনন্তপুৰমত খেলিব, তাৰ পিছত গুৱাহাটী আৰু শেষৰখন ইণ্ডোৰত।
এইবাৰৰ খেলৰ সৰ্বনিম্ন টিকটৰ নিৰিখ হ’ল (ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষিত ) ৪৭৫ টকা। সাধাৰণ শ্ৰেণীত সৰ্বনিম্ন টিকটৰ মূল্য হ’ল ১৫০০ টকা। ইফালে ছাউথ ষ্টেণ্ডৰ প্ৰথম মহলাত সৰ্বাধিক ৬০০০ টকা ধাৰ্য কৰিছে অসম ক্ৰিকেট সন্থাই।