Daily Time Axom

ভাওৰাগুৰীৰ আমিনকাটাত পথ দুৰ্ঘটনাত শিশু নিহতঃ আহত ২

0 33

গোসাইগাঁও মহকুমাৰ ভাওৰাগুৰি আৰক্ষী চকীৰ অন্তৰ্গত আমিনকাটাত আজি পুৱা পথ দুৰ্ঘটনাত এটি তিনি বছৰীয়া শিশু নিহত হোৱাৰ লগতে আন দুজন আহত হৈ চিকিৎসাধীন হৈ আছে ৷ নিহত শিশুটো ভাওৰাগুৰিৰ আহমেদপুৰ নিবাসী প্ৰয়াত মতিউৰ ৰহমানৰ পুত্ৰ মেতাবুল মিন ৰাহাত(৩) বুলি চিনাক্ত কৰা হৈছে ৷ আনহাতে আহত হয় নিহত শিশুটোৰ খুৰা মুছতাফা আহমেদ(৩৩) আৰু মাতৃ ৰশ্মি চুলতানা(৩০) ৷ জানিব পৰামতে আহত মুছতাফা আহমেদে ভতিজা আৰু বৌ’ক লৈ নিজৰ এ এছ ১৯ আৰ ২৭৭৮ নম্বৰৰ চাৰিচকীয়া বাহন লৈ আহমেদপুৰৰ পৰা ধুবুৰীলৈ গৈ থাকোতে আমিনকাটাত গড়কাপ্তানী পথত নিয়ন্ত্ৰন হেৰুৱাই পথৰ কাষতেই থকা গছৰ মূঢ়াত খুন্দা মাৰে আৰু দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাত শিশুটো থিতাতে নিহত হোৱাৰ লগতে মুছতাফা আহমেদ আৰু ৰশ্মি চুলতানা গুৰুতৰ ৰুপে আহত হয় ৷ আহতদ্বয়ক ততাতৈয়াকৈ কোকৰাঝাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ আৰক্ষী খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি ভাওৰাগুৰি থানাত লৈ অনাৰ লগতে দুৰ্ঘটনাগ্ৰস্ত বাহনখনো থানাত লৈ আহে ৷

Leave A Reply

Your email address will not be published.