Daily Time Axom

বিমানত বোমা ! ইন্দিৰা গান্ধী বিমান বন্দৰত আতংকৰ সৃষ্টি

0 36

বৃহস্পতিবাৰে নিশা প্ৰায় ১১.১৫ বজাত বিমানবন্দৰ কৰ্তৃপক্ষই এটা ভাবুকি মূলক ফোন কল লাভ কৰে। এজন অচিনাক্ত ব্যক্তিয়ে জনোৱা মতে, মস্কোৰ পৰা দিল্লীলৈ যোৱা SU232 বিমানখনত এটা বোমা স্থাপন কৰা হৈছিল। ভাবুকি দিয়া ফোন কলৰ পিছতে বিমানবন্দৰ চৌহদত হুলস্থুলৰ সৃষ্টি হয়। হাই এলাৰ্ট জাৰি কৰা হৈছে। বিমানবন্দৰটোত বৃদ্ধি কৰা হৈছে নিৰাপত্তাৰক্ষীৰ সংখ্যা। এই খবৰ লাভ কৰি বিমানবন্দৰলৈ আহিছিল দিল্লী আৰক্ষীৰ বিষয়াসকল। খবৰটো যায় বোমা স্কোয়াডলৈ। ইয়াৰ পিছতে শুকুৰবাৰে পুৱা প্ৰায় ৩.২০ বজাত ইন্দিৰা গান্ধী বিমানবন্দৰত অৱতৰণ কৰে বিমানখন। বিমানখনত আছিল ৩৮৬ জন যাত্ৰী আৰু ১৬ জন ক্ৰু। সকলোকে নিৰাপদে বিমানৰ পৰা নমাই অনা হৈছিল। তাৰ পিছত সেই বিমানখনত কম্ব অনুসন্ধান আৰম্ভ হ’ল। অৱশ্যে বিমানখনৰ ভিতৰৰ পৰা কোনো বোমা উদ্ধাৰ কৰা হোৱা নাই। কিন্তু এই ঘটনাই দিল্লী বিমানবন্দৰত আতংক বিয়পাই দিয়ে। সমগ্ৰ ঘটনাৰ তদন্ত চলি আছে। তদন্ত আৰম্ভ হৈছে। তদুপৰি কোন নম্বৰৰ পৰা ফোন আহিল, কোনে কৰিলে সেই নম্বৰতো আৰক্ষীয়ে বিচাৰিছে।

Leave A Reply

Your email address will not be published.