সুস্বাস্থ্যৰ বাবে ব্যায়ামৰ বিকল্প নাই।
কিন্তু দৈনন্দিন জীৱনৰ ব্যস্ততাৰ বাবে বহুতে ব্যায়াম কৰিবলৈ বা জিমলৈ যাবলৈ সময় নাপায়। বিশেষজ্ঞসকলৰ মতে, জিমলৈ যাবলৈ সময় নাথাকিলেও নিয়মীয়াকৈ খোজ কাঢ়িলে বহু জটিল ৰোগ নিয়ন্ত্ৰণত ৰাখিব পাৰি।

উচ্চ ৰক্তচাপ, ডায়েবেটিছ, মেদবহুলতা থকা ৰোগীক নিয়মীয়াকৈ খোজ কঢ়াৰ পৰামৰ্শ দিয়ে বিশেষজ্ঞসকলে। শেহতীয়াকৈ মেদবহুলতাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি তাৰ ওপৰত এক অধ্যয়ন কৰা হৈছে। ‘নেচাৰ’ নামৰ আলোচনীখনত প্ৰকাশিত এই অধ্যয়নৰ প্ৰতিবেদন অনুসৰি দিনটোত ৮৬০০ খোজ খোজকাঢ়ি ওজন নিয়ন্ত্ৰণ কৰাটো সম্ভৱ। ইতিমধ্যে মেদবহুল লোকসকলে নিজৰ ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ দিনটোত ১১ হাজাৰ খোজ খোজ কাঢ়িব লাগিব। এই অধ্যয়নত চাৰি বছৰ ধৰি মুঠ ৬০০ জনৰ ওপৰত অধ্যয়ন কৰা হৈছে, দেখা গৈছে যে খোজ কঢ়া কেৱল ওজন কমাতে নহয়, ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত, ডায়েবেটিছ হ্ৰাস কৰাত আনকি মানসিক ক্লান্তি হ্ৰাস কৰাত অতি উপকাৰী।
নিয়মীয়াকৈ খোজ কঢ়াৰ আন উপকাৰীতা আছে।
উদাহৰণ স্বৰূপে,
১. ওজন নিয়ন্ত্ৰণত আছে।
২. স্তন কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰে।
৩. ডায়েট শুদ্ধ।
৪. লগতে গাঁঠিৰ বিষ কমোৱাত সহায় কৰে।
৫. লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবেও উপকাৰী।
৬. মেজাজ ভাল কৰি ৰাখে।