Daily Time Axom

নিউয়ৰ্কত আয়োজন কৰা ‘মিছ শ্ৰীলংকা’ অনুষ্ঠানত সংঘৰ্ষ, ভাইৰেল হৈছে ভিডিঅ’

0 60

প্ৰথমবাৰৰ বাবে আমেৰিকাত আয়োজন কৰা ‘মিছ শ্ৰীলংকা নিউয়ৰ্ক’ প্ৰতিযোগিতাত নিজৰ মাজত কাজিয়া হৈছিল।

যোৱা শুকুৰবাৰে আয়োজন কৰা হৈছিল এই অনুষ্ঠান। কিন্তু এতিয়া সেই কাজিয়াৰ এটা ভিডিঅ’ ভাইৰেল হোৱাত এতিয়া চৰ্চালৈ আহিছে।
জনা যায় যে এই যুঁজখন ‘মিছ শ্ৰীলংকা নিউয়ৰ্ক’ প্ৰতিযোগিতাৰ পাৰ্টিৰ পিছত সংঘটিত হৈছিল।

ভাইৰেল ভিডিঅ’টোত অনুষ্ঠানটোৰ এটা পৰ্যায়ত উপস্থিত পুৰুষ-মহিলাসকলে ইজনে সিজনক কিল-পাঞ্চিং, লাথি মাৰি আনকি মাটিত পেলাই মাৰপিট কৰিছিল। ‘ছাউথ চাইনা মৰ্নিং পোষ্ট’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি সৌন্দৰ্য প্ৰতিযোগিতাত ৩০০ৰো অধিক অতিথি উপস্থিত আছিল। কিন্তু কিহৰ বাবে অতিথিসকলৰ মাজত সংঘৰ্ষৰ সূচনা হৈছিল সেয়া স্পষ্ট হোৱা নাই। তাত কিছু সামগ্ৰীও ক্ষতিগ্ৰস্ত হয়। এই সংঘৰ্ষৰ সৈতে জড়িত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে। উল্লেখযোগ্য যে কঠিন অৰ্থনৈতিক পৰিস্থিতিৰ সন্মুখীন হোৱা শ্ৰীলংকাক সহায়ৰ বাবে নিউয়ৰ্কত ‘মিছ শ্ৰীলংকা’ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল।

Leave A Reply

Your email address will not be published.